শীতকালত কেনেদৰে নিৰোগী কৰি ৰাখিব আপোনাৰ শিশুটিক ?

DY365
DY365
Published: January 25,2024 03:08 PM
DY365

Story highlights

সংক্ৰমণ আৰু এলাৰ্জীৰ বিৰুদ্ধে যুঁজিবলৈ হ’লে শিশুক শীতকালীন স্বাস্থ্যকৰ খাদ্য খুৱাব লাগে

২২ জানুৱাৰী,২০২৪ : শীতকালৰ কথা ভাবিলে আমি সাধাৰণতে গৰম কাপোৰ পিন্ধাৰ কথা ভাবো। কিন্তু আপুনি জানেনে, শীতকালত আপোনাৰ সন্তানক সুৰক্ষিত ৰখাৰ আন উপায়ো আছে। শীতকালত বেছিভাগ শিশুৰ শক্তি কমি আহে আৰু চৰ্দি হয়। সেয়ে গৰম কাপোৰ পিন্ধাৰ লগতে উপযুক্ত খাদ্য খোৱাটো বহু প্ৰয়োজনীয়। সংক্ৰমণ আৰু এলাৰ্জীৰ বিৰুদ্ধে যুঁজিবলৈ হ’লে শিশুক শীতকালীন স্বাস্থ্যকৰ খাদ্য খুৱাব লাগে। বাহিৰৰ উষ্ণতা কমি যোৱাৰ লগে লগে আমাৰ শৰীৰক গৰম হৈ থাকিবলৈ অধিক শক্তিৰ প্ৰয়োজন হয়। গতিকে আপুনি আপোনাৰ শিশুটিক শীতকালীন কিছুমান ভাল খাদ্য খুৱাওক, যিয়ে তেওঁলোকৰ শক্তি বৃদ্ধিত সহায় কৰে আৰু সুস্থ সৱল কৰি  ৰাখে।



কেপচিকাম :
ভিটামিন চি, ভিটামিন এ আৰু ফাইবাৰ সমৃদ্ধ উৎস হিচাপে কেপচিকাম আপোনাৰ ল’ৰা-ছোৱালীয়ে খাব পৰা শীতকালীন খাদ্যসমূহৰ ভিতৰত অন্যতম। কেপচিকামত এণ্টিঅক্সিডেন্ট থাকে যিয়ে আমাৰ কোষক সুৰক্ষা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। কেপচিকাম আপোনাৰ দুপৰীয়া বা ৰাতিৰ আহাৰত এক স্বাস্থ্যকৰ খাদ্য হ’ব পাৰে। আপুনি বিচাৰি পোৱা ভিন্ন ৰঙৰ কেপচিকামেৰে আপোনাৰ সন্তানৰ প্লেটখন সজাই তোলক।



পটল :
পটল প্ৰ’টিন, ফাইবাৰ, ভিটামিন এ আৰু চিৰে ভৰপূৰ হৈ থাকে আৰু শীতকালত ই আপোনাৰ শিশুটিক সুস্থ কৰি ৰখাৰ এক উত্তম উপায়। গতিকে ই এক শীতকালীন সুস্বাদু খাদ্য।



শিপাজাতীয় শাক-পাচলি :
শীতকালত আপোনাৰ শিশুটি শক্তিশালী হৈ থাকিবৰ বাবে  আলু, মূলা আৰু মিঠা আলুৰ দৰে শাক-পাচলি  খুৱাব লাগে। এনে শাক-পাচলিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেন্ট আৰু বিটা কেৰ'টিন থাকে, যিবোৰ শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু চকুৰ বাবে উপকাৰী। ইয়াৰ উপৰিও ইয়াত জটিল কাৰ্বহাইড্ৰেট থাকে যিয়ে শিশুৰ শক্তি বৃদ্ধিত সহায় কৰিব পাৰে।



সতেজ ফল :
আপেল, কমলা, ডালিম, কলৰ দৰে সতেজ ফলত ভিটামিন এ আৰু চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। সতেজ ফল তেওঁলোকৰ চকু আৰু ছালৰ বাবেও স্বাস্থ্যকৰ। 
    
ড্ৰাই ফ্ৰুটছ :
কাজু আৰু খেজুৰ লঘু আহাৰ হিচাপে সন্তানক খুৱাব পাৰে কিয়নো কাজু আৰু খেজুৰ আইৰন, মেগনেছিয়াম, কেলচিয়ামৰ ভাল উৎস। আপোনাৰ শিশুটিক সুস্থ আৰু শক্তিশালী কৰি ৰখাৰ বাবে ই এক উৎকৃষ্ট উপায়।


Related