লাহৰিজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাাৰি

DY365
DY365
Published: March 25,2024 11:49 AM
DY365

Story highlights

লাহৰিজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাাৰি। লাহৰীজান আৰক্ষীয়ে জব্দ কৰে ১০ কুইন্টল বাৰ্মিজ চুপাৰি৷ WB 31 A 3624 নম্বৰৰ এখন বাৰ চকীয়া ট্ৰাকত ডিমাপুৰৰ পৰা গুৱাহাটীৰ নিছিল চুপাৰিখিনি।

২৫ মাৰ্চ, ২০২৪ঃ লাহৰিজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাাৰি। লাহৰীজান আৰক্ষীয়ে জব্দ কৰে ১০ কুইন্টল বাৰ্মিজ চুপাৰি৷ WB 31 A 3624 নম্বৰৰ এখন বাৰ চকীয়া ট্ৰাকত ডিমাপুৰৰ পৰা গুৱাহাটীৰ নিছিল চুপাৰিখিনি।



ট্ৰাকত গোপন কক্ষ সাজি সৰবৰাহৰ চেষ্টা চলাইছিল চক্ৰটোৱে। উল্লেখ্য যে অসম আৰক্ষী নিচা জাতীয় আৰু অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও সমান্তৰালভাৱে ন-ন কৌশল অৱলম্বন কৰিবলৈ ধৰিছে সৰবৰাহকাৰীয়ে।



ট্ৰাক সহ লাহৰীজান আৰক্ষীয়ে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰী দুটাৰ নাম প্ৰেম পাল সিংহ আৰু সঞ্জয় জানা৷ জব্দ কৃত বাৰ্মিজ চুপাৰিখিনিৰ মুল্য প্ৰায় তিনি লাখ টকা। 
 


Related