ডেংঙ্গুত আক্ৰন্ত হৈ মৃত্যু কাছাৰৰ দিলীপ কুমাৰ নাথৰ

DY365
DY365
Published: November 20,2023 06:25 PM
DY365

Story highlights

কাছাৰৰ বিভিন্ন প্ৰান্তত ডেংগুৰ প্ৰাদুৰ্ভাৱ। ডেংঙ্গুত আক্ৰন্ত হৈ ইতিমধ্যে মৃত্যু হৈছে এজনৰ। ডেংগুত আক্ৰান্ত হৈ মৃত্যু দিলীপ কুমাৰ নাথ নামৰ লোকজনৰ। লোকজনৰ বয়স ৬২ বছৰ।

২০ নৱেম্বৰ,২০২৩ঃ কাছাৰৰ বিভিন্ন প্ৰান্তত ডেংগুৰ প্ৰাদুৰ্ভাৱ। কাছাৰত বৃদ্ধি পাইছে ডেংঙ্গুৰ প্ৰভাৱ। ডেংঙ্গুত আক্ৰন্ত হৈ ইতিমধ্যে মৃত্যু হৈছে এজনৰ। ডেংগুত আক্ৰান্ত হৈ মৃত্যু দিলীপ কুমাৰ নাথ নামৰ লোকজনৰ। লোকজনৰ বয়স ৬২ বছৰ।



জিলাখনত ডেংগুত আক্ৰন্ত হৈ বিভিন্ন হাস্পতালত ভৰ্তি হৈছে বহুকেইজন লোক। চৰকাৰী হিচাপত বিগত কেইদিনমানত ২৫ জন ডেংগুত আক্ৰান্ত লোক ভৰ্তি হৈছে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত। চহৰখনৰ বিভিন্ন হাস্পতালত ভৰ্তি হৈ আছে কমেও ১০জন ডেংঙ্গু আক্ৰান্ত লোক। 



চহৰখনৰ বিবেকান্দ ৰোডত ঘৰ মৃত দিলীপ কুমাৰ নাথৰ। ডেংগুত আক্ৰান্ত আন ২৫জনকৈ লোক। জিলাখনৰ কেইবাখনো হাস্পতালত ভৰ্তি হৈ আছে আক্ৰান্তসকল। বেচৰকাৰী হিচাপ মতে আক্ৰান্তৰ সংখ্যা আৰু অধিক। ডেংগুত আক্ৰান্ত হৈ SMCHত সম্প্ৰতি ভৰ্তি হৈ আছে বৰাকৰ অৰ্ধ শতাধিক লোক। 




 


Related

TWITTER

FACEBOOK