কলিয়াবৰৰ জখলাবন্ধা থানাৰ লকআপত আত্মহনন অভিযুক্তৰ

DY365
DY365
Published: March 26,2024 02:16 PM
DY365

Story highlights

পুনৰ ৰাজ্যত আৰক্ষীৰ জিম্মাত অভিযুক্তৰ আত্মহনন। কলিয়াবৰৰ জখলাবন্ধা থানাৰ লকআপত আত্মহনন অভিযুক্তৰ। শুকুৰবাৰে জখলাবন্ধা আৰক্ষীয়ে আটক কৰিছিল ৰাজু নাথক।

২৬ মাৰ্চ, ২০২৪ঃ পুনৰ ৰাজ্যত আৰক্ষীৰ জিম্মাত অভিযুক্তৰ আত্মহনন। কলিয়াবৰৰ জখলাবন্ধা থানাৰ লকআপত আত্মহনন অভিযুক্তৰ। শুকুৰবাৰে জখলাবন্ধা আৰক্ষীয়ে আটক কৰিছিল ৰাজু নাথক।



চিমেণ্টভৰ্তি ট্ৰাক হাইজেক কৰি চালক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ৰাজু। এদিন পূৰ্বে সমগ্ৰ ঘটনা সংঘটিত কৰাৰ স্বীকাৰোক্তি দিছিল মৃত ৰাজুৱে।



মঙলবাৰে পুৱাই লকআপতে চিপ লৈ আত্মহত্যা ৰাজু নাথৰ। মৃত ৰাজু নাথৰ ঘৰ গুৱাহাটীৰ পাণ্ডু অঞ্চলত। ঘটনাৰ পিছতে জখলবন্ধা থানাত উপস্থিত নগাঁৱৰ SP। উপস্থিত হৈছে CID আৰু ফৰেনছিকৰ দল।



আৰক্ষীৰ জিম্মাত অভিযুক্তৰ আত্মহননত ৰহস্যৰ গোন্ধ। লকআপত কিদৰে অভিযুক্তই আত্মহত্যা কৰিলে তাক লৈ সন্দেহ।


Related