দুলীয়াজানত ধন দাবী কৰি আৰক্ষীৰ জালত এজন যুৱক

DY365
DY365
Published: March 27,2024 01:29 PM
DY365

Story highlights

দুলীয়াজানত ধন দাবীৰ ঘটনা। ধন দাবী কৰি আৰক্ষীৰ জালত এজন যুৱক। ধৃত যুৱকজনৰ নাম ধনেশ ৰাজভৰ। নাহৰকটীয়াৰ এজন ব্যৱসায়িক ধন দাবী কৰিছিল ধনেশে।

২৭ মাৰ্চ, ২০২৪ঃ দুলীয়াজানত ধন দাবীৰ ঘটনা। ধন দাবী কৰি আৰক্ষীৰ জালত এজন যুৱক। ধৃত যুৱকজনৰ নাম ধনেশ ৰাজভৰ। নাহৰকটীয়াৰ এজন ব্যৱসায়িক ধন দাবী কৰিছিল ধনেশে।



কুলদ্বীপ সোণোৱাল নামৰ লোকজনক ধন দাবী কৰিছিল ধনেশ ৰাজভৰে। ইতিমধ্যে ভুক্তভোগী লোকজনৰ পৰা নগদ ৪,৮০০ টকা আদায় কৰিছিল ধৃত ধনেশে।



দুলীয়াজান আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি দুলীয়াজানৰ আনন্দপাৰা অঞ্চলত আত্মগোপন কৰি থকা অৱস্থাত ধনেশ ৰাজভৰক আটক কৰিবলৈ সক্ষম হয়।



ইতিমধ্যে আৰক্ষীয়ে ধৃত ধনেশ ৰাজভৰৰ পৰা নকল পিষ্টল জব্দ কৰিছে। ইতিমধ্যে দাবী কৰা ধনৰ এটা ভাগ আদায় দিছিল ভুক্তভোগী ব্যৱসায়ীজনে। শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৭২/২০২৪ নম্বৰৰ এক গোচৰ ৰুজু কৰা ধৃত যুৱকজনক ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰে।


Related

TWITTER

FACEBOOK