তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

DY365
DY365
Published: March 25,2024 11:48 AM
DY365

Story highlights

তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত হয় তিনি যাত্ৰী। তামাৰহাটৰ কুমাৰগঞ্জত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

২৫ মাৰ্চ, ২০২৪ঃ তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত হয় তিনি যাত্ৰী। তামাৰহাটৰ কুমাৰগঞ্জত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।



যাত্ৰী কঢ়িওৱা এখন গাড়ী বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে তিনিজন যাত্ৰী গুৰুতৰ ভাৱে আহত হয়। ধুবুৰীৰ পৰা AS17 C 5954  নম্বৰ মেজিকখনে যাত্ৰী লৈ তামাৰহাট আহি থকা সময়ত কুমাৰগঞ্জ বজাৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গড়ত খুন্দা মাৰে।



ফলত গুৰুতৰভাৱে আহত হয় তিনিজন যাত্ৰী। স্থানীয় ৰাইজে লোক কেইজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ তামাৰহাট চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।



ঘটনাস্থলীত উপস্থিত তামাৰহাট আৰক্ষী। বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।




 


Related