দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

DY365
DY365
Published: March 28,2024 01:32 PM
DY365

Story highlights

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড। দুলীয়াজানৰ হুকুটা চাৰিআলিত অৱস্থিত ৰাজ কুমাৰ গুপ্তাৰ ডেম্পত লাগিল জুই।

২৮ মাৰ্চ, ২০২৪ঃ দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড। দুলীয়াজানৰ হুকুটা চাৰিআলিত অৱস্থিত ৰাজ কুমাৰ গুপ্তাৰ ডেম্পত লাগিল জুই।



নিমিষতে জুইয়ে আৱৰি ধৰে লোহাৰ সামগ্ৰী মজুত কৰি ৰখা গুদামটো। অগ্নিকাণ্ডৰ খবৰ লাভ কৰি অইল ইণ্ডিয়া লিমিটেডৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ।



নিশা কোনো দুৰ্বৃত্তই জুই লগাই দিয়াৰ সন্দেহ গুদামৰ স্বতাধিকাৰীৰ। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ মূল্যৰ সা-সামগ্ৰী ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অগ্নিকাণ্ডৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
 


Related