চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মাউৰিয়া পাহাৰত উদ্ধাৰ মৃতদেহ

DY365
DY365
Published: March 24,2024 10:56 PM
DY365

Story highlights

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমটেকা ৰেঞ্জৰ মাউৰিয়া পাহাৰত উদ্ধাৰ মৃতদেহ। মাউৰিয়া পাহাৰৰ নামনিত উদ্ধাৰ হয় প্ৰদীপ নাৰ্জাৰীৰ মৃতদেহ।

২৪ মাৰ্চ, ২০২৪ঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰী থানাৰ অন্তৰ্গত আমটেকা ৰেঞ্জৰ মাউৰিয়া পাহাৰত উদ্ধাৰ মৃতদেহ। দেওবাৰে উদ্ধাৰ হয় মৃতদেহ।



উল্লেখ্য যে শুকুৰবাৰে শিলবাৰী যমুনাগুৰীৰ প্ৰদীপ নাৰ্জাৰী আৰু অক্সিগুৰীৰ উমেশ বসুমতাৰী মাউৰিয়া পাহাৰলৈ খৰি কাটিবলৈ গৈছিল। সেই সময়তেই বন বিভাগ আৰু SSB-এ অভিযান চলোৱাৰ উমান পাই প্ৰদীপ নাৰ্জাৰীয়ে পলাবলৈ চেষ্টা কৰে।



পলাবলৈ চেষ্টা কৰোঁতেই প্ৰদীপ নাৰ্জাৰী পাহাৰৰ পৰা পৰি নিৰুদ্দেশ হয়। দেওবাৰে মাউৰিয়া পাহাৰৰ নামনিত উদ্ধাৰ হয় প্ৰদীপ নাৰ্জাৰীৰ মৃতদেহটো।



ঘটনাস্থলীত উপস্থিত হয় আমগুৰী থানাৰ আৰক্ষী আৰু বনবিভাগৰ লোক। মৃতদেহটো উদ্ধাৰ কৰি আমগুৰী থানালৈ লৈ যায় আৰক্ষীয়ে।




 


Related