২০ এপ্ৰিল, ২০২১: দেশত এদিনত পুনৰ কোভিডত আক্ৰান্ত হৈছে আঢ়ৈ লাখতকৈ অধিক লোক। যোৱা ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ২ লাখ ৫৯ হাজাৰ ১৭০ জন লোক। উল্লেখ্য যে এই ২৪ ঘণ্টাত ১৭৬১ জন লোকৰ মৃত্যু হৈছে। ৰাজ্য হিচাপে মহাৰাষ্ট্ৰত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা সৰ্বাধিক। যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত কোভিডত আক্ৰান্ত হৈছে ৫৮,৯২৪ জন লোক। ইতিমধ্যে সোমবাৰৰ পৰা টোটেল কাৰ্ফিউৰ কবলত আছে দেশৰ ৰাজধানী দিল্লী। দিল্লীত যোৱা ২৪ ঘণ্টাত ২৩,৬৮৬ জন লোক আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে মৃত্যু হৈছে ২৪০ জন লোকৰ। মহাৰাষ্ট্ৰ, দিল্লীৰ পিছতে কৰ্ণাটক, টেলেংগনা আৰু উত্তৰ প্ৰদেশ আক্ৰান্ত হৈছে সৰ্বাধিক লোক। উত্তৰ প্ৰদেশ হাইক’ৰ্টে সম্পূৰ্ণ লকডাউন ঘোষণাৰ নিৰ্দেশ দিছে চৰকাৰক। ৰাজ্যখনৰ ৫ খন চহৰত লকডাউন দিবলৈ নিৰ্দেশ দিছে।