নিমখ খালে মৃত্যুমুখত পৰিব পাৰে আপুনি!

DY365
DY365
Published: October 19,2024 07:23 PM
DY365

Story highlights

নিমখ খালে মৃত্যুমুখত পৰিব পাৰে আপুনি!

১৯ অক্টোবৰ,২০২৪-  নিমখ খালে মৃত্যুমুখত পৰিব পাৰে আপুনি!



সক্ৰিয় মানৱ দেহৰ বাবে নিমখ অতি গুৰুত্বপূৰ্ণ।কিন্তু WHOৰ এক প্ৰতিবেদন অনুসৰি নিমখৰ বাবেই প্ৰতি বছৰে ১৮ লাখ লোক মৃত্যুমুখত পৰিছে। WHOৰ এই প্ৰতিবেদনে এতিয়া বিশ্ববাসীক চিন্তিত কৰি তুলিছে।বিবিচি ৱৰ্ল্ড চাৰ্ভিচৰ ‘দ্য ফুড চেইন’ অনুষ্ঠানত  কোৱা হৈছে যে নিমখ আমাৰ শৰীৰৰ বাবে কিমান বিপদজনক হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি দৈনিক খাদ্যত ৫ গ্ৰাম নিমখ সেৱন কৰাটো প্ৰয়োজনীয়। ৫ গ্ৰাম নিমখত প্ৰায় ২ গ্ৰাম ছডিয়াম থাকে, যিটো এক চামুচৰ সমান। কিন্তু মানুহে মাত্ৰ ৫ গ্ৰাম নিমখ নাখায় বৰঞ্চ ইয়াৰ দুগুণ ব্যৱহাৰ কৰে। WHOৰ প্ৰতিবেদন অনুসৰি বিশ্বজুৰি মানুহে প্ৰতিদিনে গড়ে ১১ গ্ৰাম নিমখ খায়। ইয়াৰ বাবে হৃদৰোগ, গেষ্ট্ৰিক, কেন্সাৰ, অষ্টিঅ’পৰ’ছিছ, মেদবহুলতা আৰু বৃক্কৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।প্ৰতি বছৰে নিমখৰ ফলত হোৱা মৃত্যুৰ কথা কওঁতে বিশ্ব স্বাস্থ্য সংস্থাই অনুমান কৰিছে যে প্ৰতি বছৰে সমগ্ৰ বিশ্বতে নিমখৰ বাবে প্ৰায় ১৮.৯ লাখ লোকৰ মৃত্যু হয়। এই মৃত্যুত নিমখৰ প্ৰত্যক্ষ ভূমিকা নাই। বৰঞ্চ মানুহৰ মৃত্যুৰ কাৰণ হোৱা ৰোগৰ সৃষ্টি আৰু অগ্ৰগতিত নিমখৰ ভূমিকা থাকে। এই কাৰণেই স্বাস্থ্য বিশেষজ্ঞসকলে সদায় নিমখ নূন্যতমভাৱে ব্যৱহাৰ কৰিব লাগে বুলি পৰামৰ্শ দিয়ে। 
কিন্তু মানৱ দেহৰ বাবেও নিমখ অতি গুৰুত্বপূৰ্ণ। যদি আমি পৰ্যাপ্ত পৰিমাণৰ ছডিয়াম সেৱন নকৰো তেন্তে ছডিয়ামৰ অভাৱত হাইপ’নাট্ৰেমিয়া নামৰ ৰোগ হ’ব পাৰে, যাৰ ফলত বিভ্ৰান্তি, বমি, খিংখিঙীয়া আৰু ক’মা আদি গুৰুতৰ ৰোগত ভুগিব পাৰে।


Related

TWITTER

FACEBOOK