ইছলাম ধৰ্মত জাকাতৰ ভূমিকা কি ?

DY365
DY365
Published: September 18,2024 05:14 PM
DY365

Story highlights

জাকাত দিয়াৰ কোনো নিৰ্ধাৰিত সময় নাথাকে যদিও সাধাৰণতে পবিত্ৰ ৰমজান মাহত  সৰ্বাধিক জাকাত দিয়াৰ নিয়ম প্ৰচলিত আছে

ছেপ্টেম্বৰ ১৮, ২০২৪: ইছলামৰ ধৰ্মৰ পাঁচটা মূল স্তম্ভৰ ভিতৰত জাকাতৰ ভূমিকা কি? শ্বাহাদা, চালাহ, জাকাত, চাৱান আৰু হজৰ ভিতৰত জাকাতক কিয় ইমান কঠোৰ ভাৱে প্ৰতিজন ধৰ্মপ্ৰাণ মুছলমানে  পালন কৰে। এই প্ৰতিটো ৰীতিৰ ভিতৰত ইছলাম ধৰ্মত জাকাতৰ ভূমিকা কি? প্ৰকৃততে  জাকাতৰ আক্ষৰিক অৰ্থ হ'ল 'শুদ্ধিকৰণ'।



ইছলাম ধৰ্ম পালন কৰা প্ৰতিজন মুছলমানে দুখীয়া আৰু আৰ্তজনক সহায়ৰ বাবে দান কৰিব পাৰে। বিশেষকৈ পবিত্র ৰমজান মাহত সৰ্বাধিক জাকাত দিয়া হয়। তেঁওলোকে জাকাত এক প্ৰকাৰৰ দান বুলি গণ্য কৰে। কোৰানত নামাজৰ পাছতেই জাকাতক স্থান দিয়া হয়। ইছলাম ধৰ্ম পালন কৰা প্ৰতিজন মুছলমানেই নিজৰ সম্পত্তিৰ ২.৫ শতাংশ দান কৰিব লাগে আৰু এই দানকেই জাকাত বোলা হয়। অৱশ্যে মুছলমান সকলে নিজৰ সামৰ্থ অনুযায়ী জাকাত (দান) দিব পাৰে।



প্ৰতিখন দেশতে জাকাত দিয়াৰ পদ্ধতি বেলেগ বেলেগ হয়। বহু ইছলামিক দেশত তাত থকা চৰকাৰে জাকাত সংগ্ৰহ কৰাৰ নিয়ম আছে আনহাতে বহু ঠাইত মুছলমানসকলে নিজেই জাকাতৰ পদ্ধতি বাছি লয়। তেওঁলোকে স্থানীয় মছজিদ, যিকোনো সম্প্ৰদায়ৰ সংগঠন, মুছলমান সংগঠনক জাকাত দিবৰ বাবে নিৰ্বাচন কৰে।



জাকাত দিয়াৰ কোনো নিৰ্ধাৰিত সময় নাথাকে যদিও সাধাৰণতে পবিত্ৰ ৰমজান মাহত  সৰ্বাধিক জাকাত দিয়াৰ নিয়ম প্ৰচলিত আছে। ৮ প্ৰকাৰৰ লোকক জাকাতৰ বাবে যোগ্য় বুলি নিৰ্বাচিত কৰা হয়, তেওঁলোক ক্ৰমে - দুখীয়া, আৰ্তজন, জাকাত সংগ্ৰহকাৰী, যি সকলে ইছলামক আকোৱালি লৈছে বা লবলৈ ইচ্ছুক, ঋণী মানুহ, ঈস্বৰৰ পথত থকা সকল, বন্ধনত আবদ্ধ হৈ থকাসকলক মুক্ত কৰিবলৈ,যাত্ৰী সকল।


Related

TWITTER

FACEBOOK