২২ জানুৱাৰী ২০২৫- কঠোৰ ট্ৰাম্প! আমেৰিকাত স্থান নাই ১৮০০০ ভাৰতীয়ৰ!
ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই লৈছে কেইবাটাও কঠোৰ সিদ্ধান্ত। তথ্য অনুসৰি আমেৰিকাৰ পৰা প্ৰায় ১৮০০০ ভাৰতীয় লোকক উভতাই পঠিওৱা হ'ব। ভাৰতেও ইংগিত দিছে যে ভাৰত চৰকাৰে ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি নিজৰ সকলো অবৈধ অনুপ্ৰৱেশকাৰী নাগৰিকক চিনাক্ত কৰি ঘূৰাই আনিব। চাউথ চাইনা মৰ্নিং পোষ্টৰ নিজৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। প্ৰতিবেদন অনুসৰি আমেৰিকাই প্ৰায় ১৮ হাজাৰ অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিছে যিসকলক শীঘ্ৰেই ভাৰতলৈ উভতাই পঠাব।
অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ট্ৰাম্প
ড’নাল্ড ট্ৰাম্পে নিজৰ নিৰ্বাচনী প্ৰচাৰত অনুপ্ৰৱেশক এক ডাঙৰ বিষয় হিচাপে লৈছিল। সোমবাৰে কাৰ্যভাৰ গ্ৰহণৰ কিছু ঘণ্টাৰ ভিতৰতে নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। ট্ৰাম্পে কাৰ্যবাহী আদেশৰ জৰিয়তে জন্মসূত্ৰে আমেৰিকাৰ নাগৰিকত্ব শেষ কৰি আমেৰিকা-মেক্সিকো সীমান্তত সৈন্য নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। ট্ৰাম্পৰ আগমনৰ পিছত ভাৰতে সহযোগিতামূলক মনোভাৱ দেখুৱাবলৈ চেষ্টা কৰিছে।
আমেৰিকাত অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰী
আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষাৰ তথ্য অনুসৰি ২০২৪ চনৰ বিত্তীয় বৰ্ষত আমেৰিকাৰ সীমান্ত টহলদাৰী বিষয়াসকলে সন্মুখীন হোৱা সকলো অবৈধ ক্ৰছিঙৰ প্ৰায় ৩ শতাংশই ভাৰতীয় নাগৰিকৰ। কিন্তু যোৱা কিছু বছৰত আমেৰিকাত প্ৰৱেশ কৰা অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ সংখ্যা যথেষ্ট পৰিমানে বৃদ্ধি পাইছে।