নামাজৰ সময়ত বন্ধ কৰিব লাগিব পূজাৰ ঢাক-ঢোল। চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

DY365
DY365
Published: September 15,2024 12:45 PM
DY365

Story highlights

নামাজৰ সময়ত বন্ধ কৰিব লাগিব পূজাৰ ঢাক-ঢোল। চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

 ১৫ চেপ্তেম্বৰ,২০২৪-  নামাজৰ সময়ত বন্ধ কৰিব লাগিব পূজাৰ ঢাক-ঢোল। চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 



বাংলাদেশত এইবাৰ ব্যতিক্ৰম হ’ব দুৰ্গা পূজা। ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰখনত দুৰ্গা পূজা পালনৰ ক্ষেত্ৰত থাকিব বাধ্যবাধকতা। দুৰ্গা পূজাৰ প্ৰাকক্ষণত দেশখনৰ হিন্দু নাগৰিকসকলৰ বাবে জাৰি কৰা হৈছে এই নতুন নিৰ্দেশনা। দেশখনৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ গৃহ পৰিক্ৰমা বিভাগৰ উপদেষ্টাই কৈছে যে স্থানীয় দুৰ্গা পূজা সমিতিসমূহে আজান আৰু নামাজৰ সময়ত লাউডস্পীকাৰ বজোৱা বন্ধ কৰিব লাগিব।
উল্লেখ্য যে বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত দেশখনৰ সংখ্যালঘু হিন্দুসকলৰ প্ৰতি সংকট নামি আহিছে। প্ৰথমে সংখ্যালঘু হিন্দুসকলক আক্ৰমণ কৰা হৈছিল আৰু পাছত তেওঁলোকৰ ধৰ্মকো লক্ষ্য কৰি লোৱা হৈছিল।  হিন্দু মন্দিৰসমূহত আক্ৰমণ কৰা হৈছিল আৰু হিন্দু শিক্ষক-শিক্ষয়িত্ৰীসকলক চাকৰিৰ পৰা পদত্যাগ কৰিবলৈও বাধ্য কৰোৱা হৈছিল। 
ড° মহম্মদ ইউনুছে  অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত দেশখনৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত চলা আক্ৰমণ কিছু পৰিমানে নিয়ন্ত্ৰণ হৈছে আৰু ইয়াৰ মাজতে দুৰ্গা পূজাৰ প্ৰাকক্ষণত দেশখনৰ হিন্দু নাগৰিকসকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰি কোৱা হৈছে যে - দুৰ্গা পূজাৰ সময়ত স্থানীয় দুৰ্গা পূজা সমিতিসমূহে আজান আৰু নামাজৰ সময়ত লাউডস্পীকাৰ বজোৱা বন্ধ কৰিব লাগিব।


Related

TWITTER

FACEBOOK