২২ জানুৱাৰী ২০২৫- বিশ্বৰ এখন পৃথক মুছলমান সমাজ,যি মুছলমানে ৰোজা নাৰাখে, নামাজো নপঢ়ে
বিশ্বত এনেকুৱা এখন মুছলমান সমাজ আছে যি মুছলমান সমাজ পৃথিৱীৰ আন মুছলমান সমাজতকৈ পৃথক। এই মুছলমান সমাজখনে ৰোজা নাৰাখে আনকি নামাজো নপঢ়ে। পশ্চিম আফ্ৰিকাৰ মুছলমান প্ৰধান দেশ চেনেগালত আছে চুফী ইছলামৰ এই মুছলমান গোটটো। য'ত আছে ১.৭ কোটি জনসংখ্যাৰে ইছলামৰ এটা সৰু অংশ। কিন্তু, তেওঁলোকৰ আছে আকৰ্ষণীয় চেহেৰা। যি চেহেৰাই তেওঁলোকক আনতকৈ পৃথক কৰি তোলে। চেনেগালৰ মধ্যৱৰ্তী গাঁও এম্বেকে কাদিয়ৰত বাস কৰা এইসকল মুছলমানে ৰোজা নাৰাখে, নামাজো নপঢ়ে। তেঁওলোকে সাধাৰণতে খাদ্য হওক বা পোচাকত নিজৰ পৰিচয় অন্যধৰণে দাঙি ধৰে। কিন্তু বিশ্বৰ আন মুছলমানলোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ ইছলামিক পদ্ধতিৰ পৰা বহু দূৰত বুলি মানিব বিচাৰে। কিয়নো তেওঁলোকে পবিত্ৰ ৰমজান মাহত দিনটোত পাঁচবাৰ নামাজ পঢ়ি ৰোজা ৰাখি ৰমজান মাহ পালন নকৰে। বৰঞ্চ কঠোৰ পৰিশ্ৰম আৰু সমাজ সেৱাৰ জৰিয়তেহে প্ৰকাশ কৰে ৰমজান মাহৰ পৱিত্ৰতা। কাৰণ, তেওঁলোকৰ দৃষ্টিত স্বৰ্গ কেৱল গন্তব্যস্থান নহয় বৰঞ্চ কঠোৰ পৰিশ্ৰম কৰাসকলৰ বাবে পুৰস্কাৰ। তেওঁলোকৰ মতে কাম কেৱল কৰ্তব্য নহয়। এইটো এটা ধ্যানমূলক কাৰ্য য'ত মানুহে প্ৰাৰ্থনা কৰি শান্তি লাভ কৰে। মুছলিম গোটটোৱে বিশ্বাস কৰে যে গাঁৱখনত ১৯ শতিকাত তেওঁলোকৰ প্ৰতিষ্ঠাপক ইব্ৰাহীমা ফলে প্ৰথম লগ পাইছিল মৌৰিড ব্রাদাৰহুড প্ৰতিষ্ঠা কৰা চেইখ আহমদু বাম্বাক। কোনো ধৰ্মগুৰুৰ প্ৰতি কোনোধৰণৰ আনুগত্য এইসকল মুছলিম লোকে প্ৰকাশ নকৰে।