অপেক্ষাৰ অন্ত! পৃথিৱী অভিমুখে সুনীতা উইলিয়ামছ

DY365
DY365
Published: March 18,2025 04:31 PM
DY365

Story highlights

অপেক্ষাৰ অন্ত! পৃথিৱী অভিমুখে সুনীতা উইলিয়ামছ

১৮ মাৰ্চ ২০২৫- অপেক্ষাৰ অন্ত! পৃথিৱী অভিমুখে সুনীতা উইলিয়ামছ



সুদীৰ্ঘদিনৰ অপেক্ষা! প্ৰায় ৯ মাহৰ অন্তত স্পেচএক্সৰ ক্ৰু ড্ৰেগন ক্ৰাফ্টতত উঠি পৃথিৱী অভিমুখে সুনীতা উইলিয়ামছ। মাত্ৰ আৰু কেইটামান ঘণ্টাৰ পিছতেই পৃথিৱী পাবহি মহাকাশচাৰীগৰাকী। আজি ১০.৩৫ বজাৰ লগে লগে মহাকাশ কেন্দ্ৰৰ পৰা যাত্ৰা আৰম্ভ হ’ব পৃথিৱীলৈ। ১৯ মাৰ্চৰ পুৱতি নিশা ৩.২৭ বজাত অৱতৰণ কৰিব সুনীতাসহিতে ১০গৰাকী ক্ৰু’ মেম্বাৰে। ২৭ হাজাৰ ঘণ্টা গতিবেগেৰে মহাকাশযানখনে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব। মাটিৰ পৰিৱৰ্তে ফ্লৰিডাৰ সাগৰত অৱতৰণ কৰিব মহাকাশচাৰীৰ দলটো। যাৰ বাবে এতিয়া  ফ্লৰিডাৰ সাগৰৰ পাৰত সাজু হৈছে উদ্ধাৰকাৰী জাহাজ আৰু উদ্ধাৰকাৰী দল। 




আজি অৰ্থাৎ ১৮ মাৰ্চত ভাৰতীয় সময় অনুসৰি পুৱা ১০:৩৫ বজাত মহাকাশযানখনক আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (ISS)ৰ পৰা পৃথক কৰা হ’ব অৰ্থাৎ আনডক কৰা হ’ব। ড্ৰেগনৰ আনডকিং বহু কথাৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ ভিতৰত বাহন আৰু পুনৰুদ্ধাৰকাৰী দলৰ প্ৰস্তুতি, বতৰ আৰু সাগৰৰ অৱস্থা। নাছা আৰু স্পেচএক্সে ক্ৰু-৯ৰ উভতি অহাৰ ওচৰত স্প্লেছডাউনৰ স্থান নিশ্চিত কৰিব। পুৱা ০৮.১৫ বজাত মহাকাশযানখনৰ ঢাকনি বন্ধ কৰি দিয়া হয়। ইয়াৰ পিছত পুৱা ১০.৩৫ বজাত আনডকিং হ’ব, য’ত মহাকাশযানখন আই এছ এছৰ পৰা পৃথক কৰা হ’ব। ১৯ মাৰ্চৰ পুৱা ০২.৪১ বজাত ডিঅৰ্বিট বাৰ্ন (বায়ুমণ্ডলত মহাকাশযানৰ প্ৰৱেশ) হ’ব। পুৱা ০৩.২৭ বজাত সাগৰত অৱতৰণ কৰিব মহাকাশযানখনে। উল্লেখ্য যে ১৭ ঘণ্টাৰ সময়ৰ ভিতৰত মহাকাশৰ পৰা পৃথিৱী পাব সুনীতা উইলিয়ামছ সহিতে ১০গৰাকী ক্ৰু’ মেম্বাৰে। পৃথিৱীৰ কক্ষপথ এৰি যোৱাৰ পিছত এই মহাকাশযানখনে আমেৰিকাৰ ফ্ল’ৰিডা উপকূলৰ সমীপৰ পানীত অৱতৰণ কৰিব। ইয়াৰ পিছত মহাকাশচাৰীসকলক এজন এজনকৈ মহাকাশযানৰ পৰা উলিয়াই অনা হ’ব। নাছাই হেচ ক্ল’জাৰ, আনডকিং আৰু স্প্লেছডাউনকে ধৰি সমগ্ৰ ৰিটাৰ্ণ প্ৰক্ৰিয়াৰ লাইভ কভাৰেজ প্ৰদান কৰিছে।




সুনীতা উইলিয়ামছ আৰু বেৰী বুচ উইলম’ৰৰ এই যাত্ৰা আচলতে বহু আগতেই সম্পূৰ্ণ হোৱাৰ কথা আছিল। আঠদিনীয়া অভিযানৰ অন্তত তেওঁলোক উভতি অহাৰ কথা আছিল যদিও কাৰিকৰী কাৰণত তেওঁৰ উভতি অহাত ৯ মাহতকৈ মহাকাশতেই আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল। স্পেচএক্সৰ প্ৰতিষ্ঠাপক ইলন মাস্কে শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত কয় যে তেওঁ দুয়োজন মহাকাশচাৰীক আগতেই ঘূৰাই আনিব পাৰিলেহেঁতেন, কিন্তু ৰাজনৈতিক কাৰণত তেওঁলোকৰ উভতি অহা পথ বন্ধ হৈছিল।


Related

TWITTER

FACEBOOK