পৃথিৱীৰ আটাইতকৈ বিষাক্ত মাছ, যাক স্পৰ্শ কৰিলেই মৃত্যুমুখত পৰিব আপুনি!

DY365
DY365
Published: January 22,2025 06:47 PM
DY365

Story highlights

পৃথিৱীৰ আটাইতকৈ বিষাক্ত মাছ, যাক স্পৰ্শ কৰিলেই মৃত্যুমুখত পৰিব আপুনি!

২২ জানুৱাৰী ২০২৫- পৃথিৱীৰ আটাইতকৈ বিষাক্ত মাছ, যাক স্পৰ্শ কৰিলেই মৃত্যুমুখত পৰিব আপুনি!



মাছ আমাৰ বহুতৰে প্ৰিয়। আপুনি নিশ্চয় বহু প্ৰকাৰৰ মাছ দেখিছে। বহুতেই আকৌ সাগৰীয় মাছৰ প্ৰতিও চৌকীন। কিন্তু আপুনি জানেনে পৃথিৱীত এনেকুৱা এবিধ মাছ আছে, যিবিধ মাছৰ সেৱন আপোনাৰ বাবে বিপদজনক হ’ব পাৰে। আপুনি পঢ়ি আচৰিত হ’লেও এয়াই সঁচা যে এই মাছবিধ স্পৰ্শ কৰিলেই মানুহৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। 



এই বিষাক্ত আৰু বিপদজনক মাছবিধৰ নাম হৈছে ষ্টোনফিছ। এই মাছটো দেখাত শিলৰ দৰে বাবেই মাছটোৰ নাম ষ্টোনফিছ ৰখা হৈছে। ষ্টোনফিছ এনেকুৱা এবিধ মাছ যিবিধ মাছত থকা বিষৰ বাবে মানুহে এক মিনিটৰ ভিতৰতে মৃত্যুমুখত পৰিব পাৰে। এনে পৰিস্থিতিত সাগৰৰ মাছমৰীয়াসকলক পৰামৰ্শ দিয়া হৈছে যে যদি এই মাছটো দেখা পায় তেন্তে তৎক্ষণাত মাছটোৰ পৰা আঁতৰি আহিব লাগে। 



বিশ্বৰ আটাইতকৈ বিপজ্জনক ষ্টোনফিছ মাছ সকলোতে পোৱা নাযায়। মকৰ ৰাশিৰ ক্ৰান্তীয় অঞ্চলৰ ওচৰৰ সাগৰত ইয়াক বেছিকৈ পোৱা যায়। কেৱল মানুহেই নহয়, যদি কোনো অন্য জীৱ-জন্তুও ষ্টোনফিছ মাছৰ সংস্পৰ্শলৈ আহে, তেন্তে  মাছটোৰ শৰীৰৰ পৰা নিৰ্গত বিষৰ বাবেই সংস্পৰ্শলৈ অহা জীৱ-জন্তুসকলৰো মৃত্যু হয়। আচলতে ষ্টোনফিছ মাছৰ শৰীৰৰ পৰা নিউৰ’টক্সিন নামৰ বিষ এটা ওলাই আহে, যিটো মানুহৰ বাবে মৃত্যুৰ কাৰণ হৈ পৰে।



বিশেষজ্ঞসকলৰ মতে যদি কোনো ব্যক্তি ষ্টোনফিছ মাছৰ সংস্পৰ্শলৈ আহে তেন্তে তেওঁৰ মৃত্যু নিশ্চিত। কিন্তু এজন ব্যক্তিয়ে নিজৰ বুধিৰে ইয়াৰ পৰা হাত সাৰিব পাৰে। আচলতে ইয়াৰ পৰা হাত সাৰিবলৈ একমাত্ৰ উপায় হ’ল শৰীৰৰ সেই অংশ যিটো বিষৰ সংস্পৰ্শলৈ আহিছে অতি সোনকালে কাটি পেলোৱা। মাত্ৰ ০.৫ ছেকেণ্ডতে এই মাছৰ বিষ ওলাবলৈ আৰম্ভ কৰে। এই মাছৰ এটোপালো বিষ যদি কোনো এখন চহৰৰ খোৱাপানীত মিহলি হয়, তেন্তে সেই চহৰৰ সমগ্ৰ জনসংখ্যা নিঃশেষ হ’ব পাৰে।


Related

TWITTER

FACEBOOK