বিশ্বকাপৰ আয়োজনৰ নামত মৰক্কো চৰকাৰৰ হঠকাৰী সিদ্ধান্ত

DY365
DY365
Published: January 18,2025 07:19 PM
DY365

Story highlights

বিশ্বকাপৰ আয়োজনৰ নামত মৰক্কো চৰকাৰৰ হঠকাৰী সিদ্ধান্ত

১৮ জানুৱাৰী ২০২৫- বিশ্বকাপৰ আয়োজনৰ নামত মৰক্কো চৰকাৰৰ হঠকাৰী সিদ্ধান্ত



২০৩০ত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ। মৰক্কো, স্পেইন আৰু পৰ্তুগালে উমৈহতীয়াভাৱে অনুষ্ঠিত কৰিব ফিফা বিশ্বকাপৰ। প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যেই মৰক্কোৱে প্ৰস্তুতি আৰম্ভ কৰিছে। এই প্ৰস্তুতিৰ মাজতে এনে এক তথ্য পোহৰলৈ আহিছে যাক লৈ সম্প্ৰতি বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ফিফা বিশ্বকাপৰ সময়ত মৰক্কোৰ চহৰসমূহ চাফ-চিকুন কৰি ৰাখিবলৈ বাটৰুৱা কুকুৰক নিধন কৰাৰ পৰিকল্পনা কৰিছে। এই পৰিকল্পনা পোহৰলৈ অহাৰ পিছতে এতিয়া তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে মৰক্কো।
প্ৰতিবেদন অনুসৰি ফিফা বিশ্বকাপৰ সময়ত দেশ-বিদেশৰ পৰা লাখ লাখ অনুৰাগীয়ে বিশ্বকাপৰ খেল উপভোগ কৰিবলৈ মৰক্কোলৈ আহিব। এনে পৰিস্থিতিত চহৰখনৰ প্ৰশাসনে প্ৰায় ৩০ লাখ কুকুৰক হত্যা কৰাৰ প্ৰস্তুতি চলাইছে যাতে বিদেশৰ পৰা অনুৰাগীয়ে পদপথৰ জীৱ-জন্তুসকলৰ পৰা কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয়। এই প্ৰতিবেদন অহাৰ পিছতেই ইয়াৰ বিৰোধিতা কৰি পশুপ্ৰেমীসকলে মৰক্কোত প্ৰতিবাদ আৰম্ভ কৰিছে।  



পশু অধিকাৰ কৰ্মী জেন গুডালে ফিফালৈ পত্ৰ প্ৰৰণ কৰি লিখিছে, ‘এই প্ৰতিবেদনৰ কথা শুনি মই স্তম্ভিত হৈ পৰিছো। আন্তঃৰাষ্ট্ৰীয় পশু সুৰক্ষাৰ ওপৰত কাম কৰা সংস্থাসমূহে ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ইয়াৰ উপৰিও মই সেই ফুটবল অনুৰাগীসকলকো সুধিব বিচাৰিছো যিসকলে জীৱ-জন্তু ভাল পায়, তেওঁলোকে জীৱ-জন্তুৰ ওপৰত ঘটা এই ভয়ংকৰ কাৰ্য্যৰ সৈতে একমত হ’বনে?



 আপোনালোকক কওঁ যে জেনা গুডালে এই সন্দৰ্ভত ফিফাৰ মহাসচিবকো সকীয়াই দিছে যে যদি ফিফাৰ মহাসচিবে এই বিষয়ত হস্তক্ষেপ নকৰে তেন্তে পশু অধিকাৰ কৰ্মীসকলে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব। মৰক্কোৰ প্ৰশাসনে ইতিমধ্যে চহৰখন অবিৰতভাৱে চাফাই কৰাৰ নামত ৰাজপথৰ কুকুৰ হত্যা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে।


TWITTER

FACEBOOK