২১ ফেব্ৰুৱাৰী ২০২৫- বিজ্ঞানীৰ ভয়ংকৰ সতৰ্কবাণী! পৃথিৱীত শেষ হ’ব অক্সিজেন, নাথাকিব জীৱ!
জীৱৰ সন্ধান বিচাৰি সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে বিভিন্ন সময়ত বিভিন্ন গ্ৰহত গৱেষণা চলাই আহিছে। মংগল গ্ৰহৰ পৰা চন্দ্ৰলৈকে বিজ্ঞানীসকলে অব্যাহত ৰাখিছে এই গৱেষণা। কিন্তু শেহতীয়াকৈ পৃথিৱীৰ ওপৰত কৰা গৱেষণাই উদ্বেগ বৃদ্ধি কৰিছে বিজ্ঞানীসকলৰ। বিজ্ঞানীসকলে সকীয়াই দিছে যে এনে এটা দিন আহিব যেতিয়া পৃথিৱীৰ সকলো অক্সিজেন শেষ হৈ যাব। অক্সিজেন শেষ হোৱাৰ লগে লগে মানুহৰ জীৱনো শেষ হ'ব। এই পৰিঘটনা কেতিয়া হ’ব সেই কথাও বিজ্ঞানীসকলৰ গৱেষণাৰ পৰা জানিব পৰা গৈছে।
পৃথিৱীত জীৱৰ অন্ত কেতিয়া হ’ব সেইটো জানিবলৈ চেষ্টা কৰি বিজ্ঞানীসকলে প্ৰথমে পৃথিৱী আৰু ইয়াৰ বায়ুমণ্ডলত গেছ কেনেকৈ গঢ় লৈ উঠে সেই কথা আৱিষ্কাৰ কৰিছিল। লগতে জলবায়ু, জীৱবিজ্ঞান, আৰু ভূতাত্ত্বিক পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে। নেচাৰ জিঅ’ছায়েন্স নামৰ আলোচনীখনত প্ৰকাশিত এক গৱেষণাৰ মতে, পৃথিৱীখন এদিন বিপুল পৰিমাণৰ মিথেন গেছেৰে ভৰি পৰিব। যাৰ ফলত অক্সিজেন শেষ হৈ যাব।
গৱেষক কাজুমি ওজাকিয়ে কয় যে এই কথা জানিবলৈ আমি জৈৱ-ভূ-ৰাসায়নিক আৰু জলবায়ুৰ আৰ্হি ব্যৱহাৰ কৰিছিলোঁ। এই অধ্যয়নত বিশ্লেষণ কৰা হৈছে যে পৃথিৱীত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ লগে লগে মিথেন গেছৰ পৰিমাণ কেনেকৈ নাটকীয়ভাৱে বৃদ্ধি পাব। গৱেষকসকলে দাবী কৰিছে যে আগন্তুক কোটি কোটি বছৰৰ ভিতৰত পৃথিৱীৰ পৰা অক্সিজেন নোহোৱা হৈ যাব। ভৱিষ্যতে অক্সিজেনৰ নাটনি হ’ব আৰু তৰাবোৰৰ উষ্ণতা আৰু বৃদ্ধি পাব।
বিজ্ঞানীসকলৰ মতে অক্সিজেনৰ অভাৱৰ আঁৰৰ মূল কাৰণ হল সূৰ্য্যৰ বয়স বৃদ্ধি। গৱেষণাৰ মতে পৃথিৱীত এনে পৰিস্থিতি প্ৰথম নহয়। ইয়াৰ আগতেও এনেকুৱা হৈছে, বিজ্ঞানীসকলে দাবী কৰে যে পৃথিৱী সৃষ্টিৰ সময়তো এই একেই পৰিস্থিতি আছিল। গৱেষকসকলে দাবী কৰিছে যে পৃথিৱীত শেষবাৰৰ বাবে অক্সিজেনৰ অভাৱ আছিল আৰ্কিয়ান ইয়নৰ সময়ত। সেয়া প্ৰায় ২৪ বিলিয়ন বছৰৰ আগৰ কথা। সেই সময়ত বায়ুমণ্ডলত অক্সিজেনৰ অভাৱ আছিল। বায়ুমণ্ডলৰ এই বৃহৎ পৰিৱৰ্তনে মানুহকে ধৰি স্তন্যপায়ী প্ৰাণীক বিলুপ্তিৰ দিশে ঠেলি দিব পাৰে বুলি দাবী কৰা হৈছে। অত্যধিক তাপ আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ বাবে পৃথিৱীখন বসবাসৰ অনুপযোগী হৈ পৰিব।
ব্রিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ এক অধ্যয়ন অনুসৰি পৃথিৱীৰ বহু অংশ একত্রিত হৈ নতুন মহাদেশ গঠন কৰিব৷ সেই বিশাল অঞ্চলটোৱে তীব্ৰ উত্তাপৰ সন্মুখীন হ’ব। বহু অঞ্চলত তাপমাত্ৰা ৫০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব পাৰে। স্তন্যপায়ী প্ৰাণীৰ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব পাৰে। আগ্নেয়গিৰিৰ কাৰ্য্যকলাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, আৰু কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যিয়ে সেউজ গৃহ প্ৰভাৱ তীব্ৰতৰ কৰি তুলিব।