ৰীল নহয়, এইবাৰ ৰিয়েল লাইফত Munna Bhai MBBS

DY365
DY365
Published: October 19,2024 07:04 PM
DY365

Story highlights

ৰীল নহয়, এইবাৰ ৰিয়েল লাইফত Munna Bhai MBBS

 



১৯ অক্টোবৰ,২০২৪-  ৰীল নহয়, এইবাৰ ৰিয়েল লাইফত Munna Bhai MBBS  



ৰীল নহয়, এইবাৰ ৰিয়েল লাইফত দেখা গ'ল Munna Bhai MBBS। ভুৱা ডাক্তৰ হৈ ৰোগীক চিকিৎসা কৰি পশ্চিম লণ্ডনৰ ইলিং জিলাৰ ক্ৰুয়েনা জাড্ৰাফকোভাৰ অৱশেষত ঠিকনা হ'ল কাৰাগাৰ। চিকিৎসক হোৱাৰ সপোন দেখা লণ্ডনৰ এইগৰাকী ১৯ বছৰীয়া যুৱতীক চিকিৎসক হোৱাৰ সপোনে  ইমানেই পাগল কৰি তুলিছিল যে চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰিব নোৱাৰাৰ বাবেই চিকিৎসকৰ অভিনয় কৰি বগা কোট আৰু ৰবৰৰ গ্লভছ পিন্ধি প্ৰৱল আত্মবিশ্বাসেৰে ইলিং হাস্পতালত সোমাই যুৱতীগৰাকীয়ে ৰোগীৰ চিকিৎসা কৰা আৰম্ভ কৰিছিল। ভুৱা চিকিৎসক বুলি ধৰা পৰাৰ পিছত চিকিৎসালয়ৰ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰা হয়, যত যুৱতীগৰাকীয়ে এজন ৰোগীক অজ্ঞাত ঔষধ প্ৰদান কৰা দেখা গৈছিল। যুৱতীগৰাকী নিজক লৈ ইমানেই আত্মবিশ্বাসী আছিল যে তৃতীয়দিনা ডিঙিত ষ্টেথি’স্কোপ লৈ চিকিৎসালয়লৈ আহি ৰোগীক পৰীক্ষাও কৰিছিল। আনকি যুৱতীগৰাকীয়ে চিকিৎসালয়ৰ ৰোগীসকলৰ সৈতে মৰমেৰে কথা পাতিছে, ৰোগীসকলৰ চকুপানী মচি দিছে আনকি ৰোগীসকলক আশ্বাসো দিছে যে তেওঁলোক সোনকালে সুস্থ হৈ উঠিব।


Related

TWITTER

FACEBOOK