ভয়ংকৰ পৰিস্থিতিৰে মুখামুখি চুবুৰীয়া দেশ নেপাল !

DY365
DY365
Published: September 29,2024 10:24 PM
DY365

Story highlights

ভয়ংকৰ পৰিস্থিতিৰে মুখামুখি চুবুৰীয়া দেশ নেপাল !

২৯ ছেপ্তেম্বৰ,২০২৪-  ভয়ংকৰ পৰিস্থিতিৰে মুখামুখি চুবুৰীয়া দেশ নেপাল !



ধাৰাসাৰ বৰষুণৰ ফলত চুবুৰীয়া দেশ নেপালত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰৱল বৃষ্টিপাতৰ ফলত একাধিক নদীৰ পানী বিপদসীমাৰ ওপৰলৈ উঠিছে। যাৰ বাবে নদীৰ পানীবান আৰু ভূমিস্খলনৰ ফলত নেপালত এইপৰ্যন্ত ১৩০ জন লোকে প্ৰাণ হেৰুৱাইছে। এতিয়াও নেপালত সন্ধানহীন হৈ আছে শতাধিক লোক। উল্লেখ্য যে বানৰ কবলৰ পৰা ইতিমধ্যেই ৩ হাজাৰৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। দেশখনৰ ৬৩টা স্থানত ৰাষ্ট্ৰীয় ঘাইপথৰে যোগাযোগ বিচ্ছিন্ন হৈছে। প্ৰচুৰ বৃষ্টিপাতৰ বাবে উদ্ধাৰকাৰীসকলেও উদ্ধাৰ কাৰ্যত বাধাৰ সন্মুখীন হৈছে। আনহাতে  নেপালৰ ৰাজধানী কাঠমাণ্ডুত পৰিস্থিতি অত্যন্ত জটিল
 হৈ পৰিছে। হেলিকপ্টাৰৰ সহায়ত দেশখনৰ প্ৰান্তে প্ৰান্তে এতিয়াও উদ্ধাৰকাৰ্য চলি আছে। উদ্ধাৰকাৰ্যত জড়িত হৈ আছে ৩ হাজাৰৰো অধিক উদ্ধাৰ কৰ্মী। আনহাতে নেপাললৈ ফুৰিবলৈ যোৱা বহু পৰ্যটকো বানত আবদ্ধ হৈ থকাৰ তথ্য আহি পৰিছে। উল্লেখ্য যে শুকুৰাবৰৰ বিয়লিৰে পৰা কাঠমাণ্ডু বিমান বন্দৰৰ পৰা বিমানৰ উৰণ বাতিল কৰা হৈছে। এইপৰ্যন্ত প্ৰায় ১৫০ খনৰো অধিক বিমান বাতিল কৰিছে কাঠমাণ্ডু বিমান বন্দৰে।


Related

TWITTER

FACEBOOK