৩০ মাৰ্চ,২০২৫: শুকুৰবাৰে ম্যানমাৰত অহা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পক লৈ গৱেষকে ডাঙৰ মন্তব্য আগবঢ়াইছে। ভূতত্ববিদ জেছ ফিনিক্সৰ মতে এই প্ৰলয়ংকাৰী ভূমিকম্পৰ শক্তি আছিল প্ৰায় ফলত ৩৩৪টা পাৰমাণৱিক বোমা বিস্ফোৰণৰ সমান। লগতে তেওঁ সকীয়াই দিয়ে যে অঞ্চলটোত দীৰ্ঘদিন ধৰি আফটাৰশ্বক অব্যাহত থাকিব পাৰে ।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি ম্যানমাৰৰ সাগাইং চহৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল । স্থানীয় কৰ্তৃপক্ষৰ মতে, এই ভূমিকম্পত এতিয়ালৈকে ম্যানমাৰত ১৬০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে USGSঅনুমান অনুসৰি ১০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হ’ব পাৰে।
ফিনিক্সে চিএনএনক জনাইছে যে ভূমিকম্পৰ ফলত ৩৩৪টা পৰমাণুবোমা বিস্ফোৰণৰ সমান শক্তি নিৰ্গত হৈছিল। ভাৰতীয় টেকটনিক প্লেটৰ সৈতে ইউৰেছিয়ান প্লেটৰ সংঘৰ্ষ অব্যাহত থকাৰ বাবে অঞ্চলটোত কেইবামাহো ধৰি আফটাৰশ্বকৰ আশংকা থাকিব বুলিও প্ৰকাশ কৰিছে গৱেষকগৰাকীয়ে।