২৭ মাৰ্চ, ২০২৫- কোহলী নে অন্য কোনোবা? অভিনয় জগতত কোন এইজন বিৰাট কোহলী !
ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে জনপ্ৰিয়। সমগ্ৰ বিশ্বতে কোহলীৰ অনুৰাগীৰ অভাৱ নাই। কিন্তু শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এজন ব্যক্তিৰ ছবি ভাইৰেল হৈছে,যাৰ চকু,নাক,ওঁঠ সকলো বিৰাট কোহলীৰ দৰে,আচলতে এই ব্যক্তিজনক দেখাৰ পিছত আপুনিও তেওঁক বিৰাট কোহলী বুলিয়েই ক'ব। প্ৰকৃততে দেখাত হুবহু বিৰাট কোহলীৰ নিচিনা এই ব্যক্তিজন হৈছে এজন বিখ্যাত অভিনেতাহে।
এই ব্যক্তিজন হৈছে তুৰ্কী অভিনেতা কেভিট চেটিন গুনাৰ। কেভিট চেটিন গুনাৰৰ হুবহু মিল আছে ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে। দুয়োজনৰে মাজত ইমানেই সাদৃশ্য আছে যে আপুনি তেওঁলোকৰ মাজত পাৰ্থক্য বিচাৰি নাপাব। জনপ্ৰিয় তুৰ্কী টেলিভিছন ধাৰাবাহিক ‘দিৰিলিছ: এৰটুগ্ৰুলত অভিনয়ৰ পিছতেই চৰ্চালৈ আহিছে কেভিট চেটিন।
গুনাৰৰ দাড়ি আৰু বিৰাটৰ বিশেষ ষ্টাইলৰ তুলনাক লৈ ছ’চিয়েল মিডিয়াত চৰ্চা চলি আছে। উল্লেখ্য যে ত্ৰয়োদশ শতিকাৰ পৰিৱেশত নিৰ্মিত ‘ডিৰিলিছ: এৰ্টুগ্ৰুল’ ছবিখনত গুনাৰে ডগান বেৰ চৰিত্ৰত অভিনয় কৰিছিল। অট্টোমান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক প্ৰথম ওছমানৰ পিতৃ এৰটুগ্ৰুলৰ ওপৰত আধাৰিত এই অনুষ্ঠান। অভিনেতা ইঞ্জিন আলটান ডুজিয়াটানে এই ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। বৰ্তমান ইউটিউবত চাব পাৰিব এই অনুষ্ঠান। ইয়াৰ উপৰিও ২০১৯ চনৰ ‘উজুন জামান’ ছবিতো দেখা গৈছিল গুনাৰক।