সূৰ্য্য গ্ৰহণে আনিব পাৰে নেকি বিপদ ? কি কলে বিশেষজ্ঞয়ে

DY365
DY365
Published: September 22,2024 06:22 PM
DY365

Story highlights

ড০ অনিশ ব্যাসে জনাইছে ঘটনাৰ সবিশেষ।

ছেপ্টেম্বৰ ২২,২০২৪: সূৰ্য্য গ্ৰহণে আনিব পাৰে নেকি বিপদ ? কোন কোন ৰাশিৰ ওপৰত পৰিব পাৰে প্ৰভাৱ? ২০২৪ চনৰ ২ অক্টোবৰত হ'ব লগীয়া সূৰ্যগ্ৰহণৰ সন্দৰ্ভত কি কলে ৰাশিফল বিশেষজ্ঞ জ্যোতিষী ড০ অনিশ ব্যাসে। জ্য়োতিষৰ গনানা ভিত্তিত তেওঁ কয় যে এই সূৰ্যগ্ৰহনে দেশ আৰু বিশ্বক প্ৰভাৱিত কৰিব।



ড০ অনিশ ব্যাসে জনাইছে যে ২০২২ চনত মাত্ৰ ১৫ দিনৰ ব্যৱধানত দুটাকৈ গ্ৰহণ সংঘটিত হৈছিল। ১৯৭৯ চনত ২২ আগষ্টত সূৰ্যগ্ৰহণ আৰু ৬ ছেপ্টেম্বৰত চন্দ্ৰগ্ৰহণ সংঘটিত হৈছিল। ২০২২ চনটো হুবহু একেধৰণৰ ঘটনা সংঘটিত হৈছিল। য'ত ২৫ অক্টোবৰত সূৰ্য্যগ্ৰহণ  আৰু ৮ নৱেম্বৰত চন্দ্ৰগ্ৰহণ হৈছিল। ২০২২ চনৰ সূৰ্য্য গ্ৰহণৰ সময়ত ৩০ অক্টোবৰ দেওবাৰে গুজৰাটৰ মাচু নদীত কৰা দলংখন ভাঙি পৰে। ফলত দলংখনত সেই সময়ত উপস্থিত থকা ৫০০ জন লোক নদীত পৰে। এই দূৰ্ঘটনাত ১৯০ জন লোকৰ মৃত্য়ু হয়।



ইয়াৰ পূৰ্বে ১৯৭৯ চনটো মাচু নদীৰ মাথাউৰি ভাঙি যোৱাৰ ফলত এক দূৰ্ঘটনা সংঘটিত হৈছিল য'ত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল। এই দুয়োটা দূৰ্ঘটনাত এটা কথা সাধাৰণ যে সেইদুয়োটা সময়তে সূৰ্য আৰু চন্দ্ৰগ্ৰহণ হৈছিল। ঠিক একে দৰে ১৯৭৯ চনতো ১১ আগষ্টত মৰ্বিত হোৱা বানপানীৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্য়ু হৈছিল। আৰু সেই বছৰেই ২২ আগষ্টত সিংহ ৰাশিত সূৰ্যগ্ৰহণ হৈছিল।



ইয়াৰ পাছত ৬ ছেপ্টেম্বৰত কুম্ভ ৰাশিত সূৰ্যগ্ৰহণ হয়। ১৯৭৯ চনৰ অক্টোবৰ মাহত ফিলিপাইনছত অহা আমফানৰ বাবে বহুটো লোকৰ মৃত্য়ু হয় আৰু পৰৱৰ্তী সময়ত ২০২২ চনতো একে ধৰণৰ ঘটনাই সংঘটিত হয়।



বৰাহমিহিৰে ৰচনা কৰা বৃহৎ সংহিতাৰ ৰাহুচৰাধ্যায়ত লিখা আছে যে, একে মাহতে একেলগে দুটাকৈ গ্ৰহণ হ'লে ধুমুহা, ভূমিকম্পৰ বাবে প্ৰাণ হেৰুৱাৰ সম্ভাৱনা থাকে। একে মাহতে দুটাকৈ সূৰ্য আৰু চন্দ্ৰ গ্ৰহণ হ'লে সেনাবাহিনীৰ গতি বাঢ়ি যায়, প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা বাঢ়ে তথা চৰকাৰে বিভিন্ন সমস্য়াৰ সন্মুখীম হ'ব লগা হয়।



এই গ্ৰহণত অগ্নি, ভূমিকম্প, গেছ দুর্ঘটনা, বিমান ইত্যাদি  দুর্ঘটনাৰ সম্ভাৱনা আছে। ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পাব। সমগ্ৰ বিশ্বৰ সীমান্তত আৰম্ভ হ'ব উত্তেজনা। বৃদ্ধি পাব কর্মসংস্থাপনৰ ক্ষেত্ৰ। আয় বাঢ়িব। ই দেশৰ অৰ্থনীতিৰ বাবে শুভ হ'ব। খাদ্য সামগ্ৰীৰ দাম স্বাভাৱিক হৈ থাকিব। দুর্ঘটনা,অগ্নিকাণ্ড, আতংক আৰু মানসিক চাপৰ সম্ভাৱনা। আন্দোলন, বিক্ষোভ, ধর্মঘট, বেংক কেলেংকাৰী, বিমান দুর্ঘটনা, বিমানৰ বিজুতি, শ্বেয়াৰ বজাৰৰ উঠা-নমা আদি হ'ব তথা ডাঙৰ ডাঙৰ নেতাৰ পৰা দুখৰ খবৰ পোৱাৰ সম্ভাৱনা আছে।
 


Related

TWITTER

FACEBOOK