কভিদৰ পিছত চীনত আকৌ নতুন ভাইৰাছৰ সংক্ৰমন। সংকিত বিশ্ববাসী !

DY365
DY365
Published: September 8,2024 07:54 PM
DY365

Story highlights

কভিদৰ পিছত চীনত আকৌ নতুন ভাইৰাছৰ সংক্ৰমন। সংকিত বিশ্ববাসী !

ছেপ্তেম্বৰ ৮,২০২৪:  কভিদৰ পিছত চীনত আকৌ নতুন ভাইৰাছৰ সংক্ৰমন। সংকিত বিশ্ববাসী ! 
মাৰাত্মক কভিদ-১৯ ৰ পিছত এইবাৰ চীনত পুনৰ নতুন ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে। চীনত সংক্ৰমণ হোৱা এই ভাইৰাছবিধৰ নাম ৱেটলেণ্ড ভাইৰাছ। এই ভাইৰাছটো আভ্যন্তৰীণ মঙ্গোলিয়াৰ এটা আৰ্দ্ৰভূমিত পোৱা গৈছে। যেতিয়া কোনো ব্যক্তি এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়,  তেতিয়া ব্যক্তিজনৰ জ্বৰ আৰম্ভ হয়। কেতিয়াবা ই অত্যন্ত মাৰাত্মক হৈ পৰে আৰু আক্ৰান্ত ব্যক্তিৰ মগজুক পোনপটীয়াকৈ প্ৰভাৱিত কৰে। ইতিমধ্যে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগী এজন কোমালৈ গৈছে। ৱেটলেণ্ড ভাইৰাছত আক্ৰান্ত ৰোগীৰ লক্ষণবোৰ হৈছে জ্বৰ, মূৰ ঘূৰোৱা, মুৰৰ বিষ, বেয়া হোৱা, আৰ্থ্ৰাইটিছ আৰু পিঠিৰ বিষ ইত্যাদি। এজন ৰোগীৰ নিউৰোলজিক লক্ষণো পোৱা গৈছিল। পোনপ্ৰথমবাৰৰ বাবে ২০১৯ চনত চীনৰ জিনঝৌ চহৰত এজন ৬১ বছৰীয়া ব্যক্তিৰ দেহত এই ভাইৰাছবিধৰ সংক্ৰমণ ধৰা পৰিছিল। গৱেষকসকলত মতে এই ভাইৰাছবিধ অত্যন্ত বিপদজনক ভাইৰেল হ'ব পাৰে। অৱশ্যে  চিকিৎসাৰ অন্তত এই ভাইৰাছবিধৰ সংক্ৰমণিত ৰোগীসকলে আৰোগ্য লাভ কৰিছে।


Related

TWITTER

FACEBOOK