৫০ বছৰৰ পিছত বিৰল সূৰ্যগ্ৰহণ। দিনতে আন্ধাৰ হ’ব পৃথিৱী।

DY365
DY365
Published: April 6,2024 07:23 PM
DY365

Story highlights

৮ এপ্ৰিলত হ’ব ৫০ বছৰৰ পিছত বিশেষ সূৰ্যগ্ৰহণ । কিছু সময়ৰ বাবে সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ পৰিব পৃথিৱী। দিনৰ ২.১২ বজাৰ লগে লগেই সম্পূৰ্ণৰূপে লুকাই যাব সূৰ্য। এই সূৰ্যগ্ৰহণৰ আছে বিশেষ তাত্‍পৰ্য।

৬এপ্ৰিল ২০২৪ঃ ৮ এপ্ৰিলত হ’ব ৫০ বছৰৰ পিছত বিশেষ সূৰ্যগ্ৰহণ । কিছু সময়ৰ বাবে সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ পৰিব পৃথিৱী। দিনৰ ২.১২ বজাৰ লগে লগেই সম্পূৰ্ণৰূপে লুকাই যাব সূৰ্য। এই সূৰ্যগ্ৰহণৰ আছে বিশেষ তাত্‍পৰ্য। কাৰণ বিগত ৫০ বছৰত হোৱা নাই এনে বিৰল দীৰ্ঘতম সূৰ্যগ্ৰহণ। এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। সূৰ্যগ্ৰহণৰ সময়ছোৱাত চন্দ্ৰই সূৰ্য আৰু পৃথিৱীৰ মাজত অৱস্থান কৰিব। যাৰ ফলত পৃথিৱীৰ ওপৰত পৰিব ছাঁ, এই ছাঁৰ ফলত সূৰ্যৰ উজ্জ্বলতা সম্পূৰ্ণৰূপে অস্পষ্ট হৈ পৰিব। এই সময়ত চন্দ্ৰ আৰু সূৰ্যৰ মাজত দূৰত্ব হব ৩,৬০,০০০ কিলোমিটাৰ।



চন্দ্ৰগ্ৰহণৰ ১৩ দিন পিছতেই আহিব দীঘলীয়া সূৰ্যগ্ৰহণ। ৭ মিনিট ১৪ ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। দিনৰ ২.১২ বজাত লুকাই যাব সূৰ্য। ৭ মিনিট১৪ ছেকেণ্ড সময় অন্ধকাৰ হ’ব পৃথিৱী। ৮ এপ্ৰিলত বছৰটোৰ প্ৰথম আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা দৃশ্যমান হ’ব গ্ৰহণ। ২০২৪ বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী। এই সূৰ্যগ্ৰহণ অত্যন্ত বিৰল বুলি প্ৰকাশ বিজ্ঞানীসকলৰ। আগন্তুক ১২৬ বছৰত পুনৰ এনেধৰণৰ পৰিঘটনাৰ সাক্ষী নহ’ব বিশ্ববাসী। এই সূৰ্যগ্ৰহণ বিৰল জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা বুলি ধাৰণা। মেক্সিকো, কানাডা আৰু আমেৰিকাত দৃশ্যমান হ’ব সম্পূৰ্ণ সূৰ্যগ্ৰহণ। প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা দেখা পোৱা যাব এই বিৰল ঘটনা। পূৰ্বে এনে দীঘলীয়া সম্পূৰ্ণ গ্ৰহণ হৈছিল ১৯৭৩ চনত। 


Related