ইণ্ডিয়ান টীমত স্থান পাব নেকি ৰিয়ান পৰাগে!

DY365
DY365
Published: April 2,2024 08:41 AM
DY365

Story highlights

বিৰাট কোহলীৰ সমপৰ্যায়ৰ ৰান সংগ্ৰহেৰে অভিলেখ গঢ়ি অৰেঞ্জ কেপৰ অধিকাৰী হ'ল ৰিয়ান পৰাগ।

২ এপ্ৰিল,২০২৪: প্ৰতিগৰাকী অসমীয়া আৰু ক্ৰিকেট অনুৰাগীৰ IPLত আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অসম সন্তান ৰিয়ান পৰাগ। ৩ খনকৈ মেচত দুৰ্দান্ত প্ৰৰ্দশনৰে ক্ৰিকেট অনুৰাগীৰ হৃদয় জিনিছে ৰিয়ান পৰাগে।কালি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৱানখাড়ে ষ্টেডিয়ামত ৰান ৰাজস্থান ৰয়লছৰ হৈ ৰিয়ান পৰাগে যি প্ৰৰ্দশন দেখুৱালে তাৰপাছতে ৰিয়ান পৰাগে ভৱিষ্যতে ভাৰতীয় দলত স্থান লাভ কৰিব বুলি আশাবাদী হৈ উঠিছে ক্ৰিকেট অনুৰাগী। চলিত IPLত তৃতীয়বাৰৰ বাবে পুনৰ উজলি উঠিল অসম সন্তান ৰিয়ান পৰাগ। ২০২৪ৰ IPLত সৰ্বাধিক ৰান সংগ্ৰহৰে  অৰেঞ্জ কেপৰ অধিকাৰী হ’ল ৰিয়ান পৰাগ।  বৰ্তমানলৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন ৰিয়ানে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰিয়ানৰ বিস্ফোৰক অৰ্ধশতক অৰ্জন কৰি  ৰাজস্থানক জয়ৰ সোৱাদ দিলে ৰিয়ান পৰাগে । ৩৯টা বলত ৰিয়ানৰ অপৰাজিত ৫৪ ৰান সংগ্ৰহ কৰিছিল ৰিয়ান পৰাগে। 
ৰাজস্থানক ১২৬ ৰানৰ লক্ষ্য বান্ধি দিছিল মুম্বাই ইণ্ডিয়ানছে  আৰু ১৫.৩ অভাৰত বিজয় লক্ষ্যত উপনীত  হয় ৰাজস্থান ৰয়েলছ। দিল্লীৰ বিৰুদ্ধে  বিস্ফোৰক ৮৪ ৰান আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৪৩ ৰান সংগ্ৰহ কৰে ৰিয়ান পৰাগে।  মুঠ ৩ খন মেচত ১৮১ ৰাণ সংগ্ৰহৰে  অৰেঞ্জ কেপৰ অধিকাৰী হ’ল ৰিয়ান পৰাগ । ইয়াৰ পূৰ্বে ১৮১ ৰান সংগ্ৰহেৰে IPLত বিৰাট কোহলীয়েও অৰেঞ্জ কেপৰ অধিকাৰী হৈছিল।  




Related

TWITTER

FACEBOOK