'আমিষভোজী আছিল ভগৱান ৰাম' , এজন নেতাৰ এই মন্তব্যই জোকাৰি গৈছে দেশ

DY365
DY365
Published: January 4,2024 06:19 PM
DY365

Story highlights

"ভগৱান ৰামে চিকাৰ কৰিছিল আৰু জীৱ-জন্তুৰ মাংস খাইছিল। সেই সময়ত ক'ত ভাত পোৱা গৈছিল? ভগৱান ৰাম ক্ষত্ৰিয় আছিল। ১৪ বছৰ বনবাসত আছিল ভগৱান ৰাম , অৰণ্যত নিৰামিষ আহাৰ ক'ত পাইছিল ভগৱান ৰামে?"

 



৪ জানুৱাৰী, ২০২৩:  'ভগৱান ৰাম নিৰামিষভোজী আছিল, আমিষ আহাৰ গ্ৰহণ কৰিছিল ভগৱান ৰামে' , এজন  NCP নেতাৰ বিতৰ্কিত মন্তব্যই জোকাৰি গৈছে দেশ। ভগৱান ৰামে কি খাদ্য খাইছিল তাক লৈ এক বিষ্ফোৰক মন্তব্য NCP নেতা জিতেন্দ্ৰ আৱহাদৰ। ৰাম মন্দিৰ উদ্ধোধনৰ  প্ৰাকক্ষণত ভগৱান ৰামকলৈ পুনৰ বিতৰ্ক। "ভগৱান ৰামে চিকাৰ কৰিছিল আৰু জীৱ-জন্তুৰ মাংস খাইছিল। সেই সময়ত ক'ত ভাত পোৱা গৈছিল? ভগৱান ৰাম ক্ষত্ৰিয় আছিল। ১৪ বছৰ বনবাসত আছিল ভগৱান ৰাম , অৰণ্যত নিৰামিষ আহাৰ ক'ত পাইছিল ভগৱান ৰামে?" জিতেন্দ্ৰ আৱহাদে এই মন্তব্য কৰি ধৰ্মীয় অনুভূতিত আঘাত হানা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ লোকে। 



ভগৱান ৰামক লৈ কৰা এনে মন্তব্যৰ পাছত NCP নেতা অজিত পাৱাৰৰ একাংশ সমৰ্থকে  জিতেন্দ্ৰ আৱহাদৰ বাসগৃহৰ সন্মুখত বুধবাৰে নিশা প্ৰতিবাদ সাব্যস্ত কৰে। আজি পুৱাও  জিতেন্দ্ৰ আৱহাদৰ প্ৰতিকৃতিত চেণ্ডেলেৰে কোবাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীক ৰোধিবলৈ বৃহৎ আৰক্ষীৰ দল মোতায়ন কৰা হয় জিতেন্দ্ৰ আৱহাদৰ ঘৰৰ সন্মুখত। 



ৰাম মন্দিৰ উদ্ধোধনৰ বাবে ইতিমধ্য সাজু হৈ উঠিছে অযোধ্যাৰ স্থানীয় প্ৰশাসন আৰু আৰক্ষী। ৰাম মন্দিৰৰ বিৰোধীতা কৰা কোনো লোককে প্ৰৱেশ কৰিব দিয়া দিয়া নহ'ব ৰাম মন্দিৰৰ উদ্ধোধনী অনুষ্ঠানত। সুকলমে উদ্ধোধনী অনুষ্ঠানৰ কাৰ্য্যসূচী ৰূপায়নৰ বাবে লোৱা হৈছে এই বিশেষ ব্যৱস্থা।


Related

TWITTER

FACEBOOK