৬৬ বছৰীয়া টিম এণ্ড্ৰুজৰ বাবে সেয়া আছিল জীৱন-মৃত্যুৰ কথা, কিয় সংৰোপন কৰা হ'ল গাহৰিৰ বৃক্ক টিমৰ দেহত

DY365
DY365
Published: February 9,2025 03:37 PM
DY365

Story highlights

মানুহৰ বৃক্কৰ পৰিবৰ্ত্তে মানৱ দেহত সংৰোপন কৰিব পৰা হ'ল গাহৰিৰ বৃক্ক। টিম এণ্ড্ৰুজ নামৰ ৬৬ বছৰীয়া এজন ব্যক্তিৰ দেহত  সফলতাৰে সংৰোপন কৰা হয় গাহৰিৰ বৃক্ক।

৯ ফেব্ৰুৱাৰী,২০২৫: বৃক্ক ৰোগত আক্ৰান্ত লোকৰ বাবে ভাল খবৰ। যি খবৰে আপোনাকো আচৰিত কৰি তুলিব। বৃক্ক সংৰোপনৰ দৰে জটিল আৰু ব্যয়বহুল চিকিৎসাত সংযোজন  হ'ল নতুন চিকিৎসা পদ্ধতিৰ। মানুহৰ বৃক্কৰ পৰিবৰ্ত্তে মানৱ দেহত সংৰোপন কৰিব পৰা হ'ল গাহৰিৰ বৃক্ক। টিম এণ্ড্ৰুজ নামৰ ৬৬ বছৰীয়া এজন ব্যক্তিৰ দেহত  সফলতাৰে সংৰোপন কৰা হয় গাহৰিৰ বৃক্ক।  গাহৰিৰ বৃক্ক সংৰোপনৰ অস্ত্ৰোপচাৰ সফল হোৱাত নিজৰ ঘৰলৈও উভতি গ'ল ব্যক্তিজন।  ।  নিউ হেম্পশায়াৰৰ ৬৬ বছৰীয়া টিম এণ্ড্ৰুজৰ নামৰ লোকজনৰ দেহত সংৰোপন কৰা হৈছে গাহৰিৰ । ২৫ জানুৱাৰীত পৰীক্ষামূলকভাৱে গাহৰিৰ বৃক্ক সংৰোপন কৰা এণ্ড্ৰুজৰ দেহত। অস্ত্ৰোপচাৰৰ এসপ্তাহৰ পিছতেই হাস্পতালৰ পৰা ঘৰলৈ যায় টিম। প্ৰায় দুবছৰে বৃক্কৰ ৰোগত আক্ৰান্ত আছিল টিম। টিম এণ্ড্ৰুজ, গাহৰিৰ বৃক্ক সংৰোপণৰ সৈতে জীয়াই থকা দ্বিতীয়জন ব্যক্তি হিচাপে পৰিগণিত হৈছে।



ডায়েলাইছিছৰ জটিলতা আৰু হৃদযন্ত্ৰৰ সমস্যাৰ বাবে টিমৰ জীয়াই থকাৰ সম্ভাৱনা কম আছিল বুলি জনাইছিল চিকিৎসকে। নতুন বৃক্ক এটাৰ বাবে তেওঁ ট্ৰান্সপ্লাণ্টৰ অপেক্ষাৰ তালিকাত আছিল যদিও তেওঁৰ ব্লাড গ্ৰুপৰ বাবে সেয়া বিচাৰি পোৱাটো কঠিন হৈ পৰিছিল।  বিকল্প বিচাৰি তেওঁ গাহৰিৰ বৃক্ক সংৰোপণ কৰিবলৈ সন্মত হয়।এণ্ড্ৰুজে নিজৰ স্বাস্থ্যৰ উন্নত কৰিবৰ বাবে  কেইবাটাও নিয়ম মানি চলিব লগা হৈছিল। 
 


Related

TWITTER

FACEBOOK