IPS মনোজ কুমাৰ শৰ্মা জীৱনক লৈ নিৰ্মাণ হোৱা এখন চিনেমা

DY365
DY365
Published: January 2,2024 04:36 PM
DY365

Story highlights

এক সচাঁ কাহিনী IPS মনোজ কুমাৰ শৰ্মা। যাৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে এখন চিনেমা।

এক সচাঁ কাহিনী IPS মনোজ কুমাৰ শৰ্মা। যাৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে এখন চিনেমা।  আমি শুনা প্ৰতিজন IS বা IPS বিষয়াৰ পিছত, সৰুৰে পৰাই অধ্যয়নশীল আৰু বুদ্ধিমানজন এজন ব্যক্তি থাকে। অৱশ্যে আই পি এছ মনোজ কুমাৰ শৰ্মাৰ কাহিনী অলপ পৃথক। মধ্যপ্ৰদেশৰ মৰেনা জিলাৰ বাসিন্দা আই পি এছ মনোজ কুমাৰ শৰ্মাৰ সৰুকালৰ জীৱনটো উন্নত নাছিল। নৱম আৰু দশম শ্ৰেণীত তৃতীয় বিভাগ অৰ্জন কৰাৰ পিছত দ্বাদশ শ্ৰেণীত হিন্দী বাদে সকলো বিষয়তে ব্যৰ্থ হয়। যিহেতু তেওঁৰ আৰ্থিক অৱস্থা ভাল নাছিল, সেয়েহে তেওঁ বিভিন্ন ধৰণৰ কাম কৰিছিল। টেম্পো চলোৱাৰ পৰা আৰম্ভ কৰি ঘৰ-বাৰী নথকা লোকৰ লগত সময় কটাইছিল।
 
তেওঁ প্ৰথম অৱস্থাত এটা পুথিভঁৰালত কাম কৰিছিল, য’ত তেওঁ গৰ্কি আৰু আব্ৰাহাম লিংকনৰ পৰা আৰম্ভ কৰি মুক্তিবোধলৈকে বহু বিখ্যাত লেখকৰ ব্যক্তিত্বৰ জীৱন কাহিনী পঢ়িবলৈ পাইছিল। ইয়াৰ জৰিয়তে তেওঁৰ সহায় হৈছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতেই তেওঁ UPSC বাবে প্ৰস্তুতি আৰম্ভ কৰে। তেওঁৰ বহু ব্যৰ্থতাৰ পিছত সফলতাৰ দিশত আগবাঢ়ে। তেওঁ অল ইণ্ডিয়া ১২১ ৰেংক লাভ কৰে। আই পি এছ মনোজ কুমাৰ শৰ্মা বৰ্তমান মুম্বাই আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত হিচাপে নিযুক্তিপ্ৰাপ্ত আৰু তেওঁৰ আধিপত্যশীল শৈলীৰ বাবে যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। অনুৰাগ পাঠকৰ নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত আৰু বিক্ৰান্ত মেছে অভিনীত আৰু বিধু বিনোদ চোপ্ৰা দ্বাৰা পৰিচালিত ছবিখনে ৰাইজৰ সমাদৰ লাভ কৰিছে।



 


Related