আজি একেলগে সূৰ্যগ্ৰহণ আৰু সোমৱতী অমাৱস্যা, এইসমূহ কাম কৰিলে জীৱনত হ’ব ধন–সম্পদৰ বৰষুণ ।

DY365
DY365
Published: April 8,2024 12:55 PM
DY365

Story highlights

আজিৰ দিনটোত দেৱাদিৱ মহাদেৱ আৰু মা পাৰ্বতীৰ পূজা–অৰ্চনা আৰু ব্ৰত ৰাখি লাভ কৰিব ধন,সম্পত্তি,সুখ-সমৃদ্ধি।

৮ এপ্ৰিল, ২০২৪: আজি সোমৱতী অমাৱস্যা। আজি চন্দ্ৰ উত্তৰ ভদ্ৰপদ নক্ষত্ৰত আছে। আৰু আজি ৫০ বছৰৰ পিছত বিৰল সূৰ্যগ্ৰহণ।



আজিৰ দিনটোত কি কি নীতি–নিয়ম পালন কৰি লাভ কৰিব ধন, সোণ, সুখ, ঐশ্বৰ্য। চ’ত মাহৰ অমাৱস্যাকলৈ হিন্দু শাস্ত্ৰত যথেষ্ট মহত্ব আছে।



এই অমাৱস্যাক সোমৱতী অমাৱস্যা বুলি জনাজাত। এই দিনটোত দেৱাদিৱ মহাদেৱ আৰু মা পাৰ্বতীৰ পূজা–অৰ্চনা আৰু ব্ৰত ৰখাৰ বিধান আছে।



ইয়াৰ লগতে আজিৰ দিনটোত পূৰ্ব–পুৰুষক স্মৰণ কৰি তেওঁলোকৰ আত্মাৰ শান্তিৰ কামনা কৰা হয়। 




জ্যোতিষ শাস্ত্ৰ অনুসৰি সোমৱতী অমাৱস্যাত নদীত স্নান আৰু দুখীয়া–দৰিদ্ৰক দান কৰি পূৰ্ব পুৰুষৰ আশীৰ্বাদ লাভ কৰিব পাৰি।



আজিৰ দিনটোত মহাদেৱ আৰু পাৰ্বতীক পূজা কৰিলে সুখ–শান্তিৰে ভৰি পৰে জীৱন। ব্ৰতীসকলোৰো অখণ্ড সোভাগ্য আৰু আনন্দৰে জীৱন ভৰি পৰে।



সনাতন ধৰ্মত এই অমাৱস্যাৰ মহত্ব বহুত। চ’ত মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যা তিথি আৰম্ভ ৮ এপ্ৰিলৰ পুৱা ৩.২১ বজাত। এই তিথি সমাপন হ’ব ১১.৫৫ বজাত।



কোনো উপাসকে আজিৰ দিনটোত আঁহত গছক ১০৮ বাৰ প্ৰদক্ষিণ কৰিলে ব্ৰহ্মা–বিষ্ণু–মহেশ্বৰৰ আশীৰ্বাদ লাভ কৰিব।


Related

TWITTER

FACEBOOK