হনুমান জয়ন্তীত কি কৰিলে নাশ হ’ব শত্ৰু?

DY365
DY365
Published: April 22,2024 11:58 AM
DY365

Story highlights

শত্ৰু আৰু জীৱনৰ বাধা আঁতৰাবলৈ আপোনাৰ বাবে অহাকালি আছে সুবৰ্ণ সুযোগ। হনুমানক কিদৰে আৰধনা কৰি গৰাকী হ'ব পাৰিব অজস্ৰ সম্পত্তিৰ?

২২ এপ্ৰিল, ২০২৪ :  ত্ৰেতা যুগত চ’ত মাহৰ পূৰ্ণিমাত জন্ম গ্ৰহণ কৰিছিল ৰাম ভক্ত হনুমানে। প্ৰতি বছৰে ৰাম নৱমীৰ ৬দিন পিছতে হনুমান জয়ন্তী পালন কৰা হয়। প্ৰতি বছৰে চ’ত মাহৰ শুক্ল পক্ষৰ নৱমী তিথিত পালন কৰা হয় ৰাম নৱমী আৰু পূৰ্ণিমাত পালন কৰা হয় হনুমান জয়ন্তী। এই বছৰ ১৭ এপ্ৰিলত পালন কৰা হৈছিল ৰাম নৱমী আৰু তাৰ ঠিক ৬ দিন পিছত ২৩ এপ্ৰিলত পালন কৰা হ’ব হনুমান জয়ন্তী। তুলসী দাসৰ হনুমান চালিচাত উল্লেখ আছে যে ভগৱান শ্ৰীৰামৰ কাৰ্য সম্পূৰ্ণ কৰিবলৈ ৰাম নৱমীৰ পিছতেই জন্ম হৈছিল হনুমানৰ। 



হনুমান জয়ন্তীৰ পূৰ্ণিমা তিথি আৰম্ভ হ'ব  ২৩ এপ্ৰিল, ২০২৪ৰ পুৱা ০৩:২৫ বজাত আৰু পূৰ্ণিমা তিথি শেষ হ'ব  ২৪ এপ্ৰিল, ২০২৪ ৰ পুৱা ০৫:১৮ বজাত । হনুমান জয়ন্তীৰ পূজাৰ বাবে ৩টাকৈ  শুভ মূহুৰ্ত হৈছে- পুৱা ১০:৪১ বজাৰ পৰা দিনৰ ১:৫৭ বজালৈ, আবেলি ০৩:৩৫ বজাৰ পৰা ০৫:১৩ বজালৈ আৰু 
নিশা ০৮:১৩ বজাৰ পৰা ০৯:৩৫ বজালৈ । 






হনুমান জয়ন্তীত কি কৰিলে নাশ হ’ব শত্ৰু? হনুমান জয়ন্তীত যিকোনো হনুমান মন্দিৰত গৈ ৰঙা ফুল, বুন্দিয়াৰ লাড়ু, ঘিৰ চাকি, ধূপ–দীপ, নৈবদ্য আদিৰ লগতে এটা গদা অৰ্পণ কৰিলে শত্ৰু নাশ হয় আৰু ঋণ নাশ হয়।



হনুমান জয়ন্তীৰ প্ৰথম দিনটোৰ পৰাই হনুমানৰ মূৰ্তিত পূজা–অৰ্চনা আগবঢ়াই এখন উকা বহীত ৰঙা কলমেৰে শ্ৰীৰাম শ্ৰীৰাম লিখি প্ৰত্যেক দিনাই এটা পেজ সম্পূৰ্ণ কৰিব লাগিব আৰু এই কামটো তেতিয়ালৈকে কৰিব লাগিব যেতিয়ালৈ বহীখন সম্পূৰ্ণ নহয়। আৰু যিদিনাখন বহীখন ৰাম বন্দনাৰে সম্পূৰ্ণ হ’ব সেইদিনা বহীখন এখন ৰঙা কাপোৰেৰে মেৰিয়াই ভগৱানৰ থাপনাত থৈ দিব আৰু হনুমানক স্মৰণ কৰি ক’ব যে আপোনাৰ জীৱনৰ পৰা ৰোগ–ব্যাধি আদি সকলো নাশ হয়।


Related

TWITTER

FACEBOOK