চিংৰাৰ ভিতৰত উদ্ধাৰ শিল, গুটখা আৰু আপত্তিজনক সামগ্ৰী

DY365
DY365
Published: April 9,2024 02:11 PM
DY365

Story highlights

ৰহিম,আজহাৰ,ফিৰোজে কৰিলে ভয়ানক কাণ্ড! ব্যৱসায়িক শত্ৰুতাৰ বাবে এনে কৰা বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ।


৯ এপ্ৰিল, ২০২৪: চিংৰাৰ ভিতৰত উদ্ধাৰ কণ্ডম, শিল, গুটখা। এটা প্ৰতিষ্ঠানৰ নাম বদনাম কৰিবলৈ সংঘটিত কৰিলে এই ভয়ানক কাণ্ড। 




এটা প্ৰতিষ্ঠানত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। যি ঘটনাৰ কাহিনী শুনিলে চকু কঁপালত উঠিব আপোনাৰ। মহাৰাষ্ট্ৰৰ পুনেস্থিত অটোমোবাইল কোম্পানী এটাত খাবলৈ দিয়া চিংৰাৰ ভিতৰত আলু, চব্জীৰ ঠাইত উদ্ধাৰ হৈছিল কণ্ডম, শিল, গুটখা। 



 



২৭ মাৰ্চত এই ঘটনা পোহৰলৈ অহাৰ লগে লগে লাগিল হুৱাদুৱা। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হয়। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি খাদ্য যোগানধাৰী ঠিকাদাৰৰ গাফিলতিৰ বাবে সংঘটিত এনে ঘটনা। ঘটনা সন্দৰ্ভত ৫ জন লোকক আটক আৰক্ষীৰ। 



 



আটক কৰা লোককেইজন ৰহিম শ্বেখ, আজহাৰ শ্বেখ, মজাৰ শ্বেখ, ফিৰোজ শ্বেখ আৰু বিকি শ্বেখ। চিংৰাৰ ভিতৰত কণ্ডম, শিল, গুটখা ভৰাই দিয়াৰ অভিযোগ আটাইৰে বিৰুদ্ধে। কণ্ডম, শিল, গুটখা ভৰাই প্ৰতিষ্ঠানটোত বিক্ৰী কৰিছিল। ব্যৱসায়িক শত্ৰুতাৰ বাবে এনে কৰা বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ।
 


Related

TWITTER

FACEBOOK