২২ জানুৱাৰী ২০২৫- বিতৰ্কৰ অৱসান! টীম ইণ্ডিয়াৰ জাৰ্ছিত থাকিব পাকিস্তানৰ নাম
১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী। পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী এইবাৰ আয়োজন কৰা হৈছে হাইব্ৰিড মডেলত। হাইব্ৰিড মডেলৰ অধীনত টীম ইণ্ডিয়াৰ খেলসমূহ পাকিস্তানৰ পৰিৱৰ্তে অনুষ্ঠিত হ'ব ডুবাইত।
কিন্তু চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ পূৰ্বে এক নতুন বিতৰ্কৰ সুত্ৰপাত হৈছিল। PCBৰ এজন বিষয়াই BCCIয়ে ক্ৰিকেটৰ মাজলৈ ৰাজনীতি অনাৰ অভিযোগ উত্থাপন কৰি কৈছিল যে চেম্পিয়নছ ট্ৰফীৰ জাৰ্ছিত পাকিস্তানৰ নাম লিখিবলৈ অমান্তি হৈছে BCCI। নিয়ম অনুসৰি ICCৰ মেগা ইভেণ্টসমূহত প্ৰতিটো ক্ৰিকেট দলৰেই জাৰ্ছিত আয়োজক দেশৰ নাম লিখা থাকে। ভাৰতত অনুষ্ঠিত হোৱা ২০২৩ বিশ্বকাপৰ সময়তো অনুৰূপ ধৰণে সকলো দলৰ লগতে পাকিস্তানৰ জাৰ্ছিতো ভাৰতৰ নাম লিখা আছিল। BCCIৰ এই সিদ্ধান্তৰ পিছতেই ICCৰ হস্তক্ষেপ বিছাৰিছিল PCBয়ে।
কিন্তু BCCIয়ে এতিয়া টীম ইণ্ডিয়াৰ জাৰ্ছিক লৈ ওলোৱা সকলোবোৰ প্ৰতিবেদন নাকচ কৰিছে। জাৰ্ছিৰ সৈতে জড়িত ICCৰ প্ৰতিটো নিয়ম মানি চলাৰ কথা ঘোষণা কৰিছে BCCIয়ে। BCCIৰ নতুন সম্পাদক দেৱজিৎ শইকীয়াই এইটোও নিশ্চিত কৰিছে যে চেম্পিয়নছ ট্ৰফীৰ সময়ত BCCIয়ে ICCৰ প্ৰতিটো নিয়ম মানি চলিব। অৰ্থাৎ টীম ইণ্ডিয়াৰ জাৰ্ছিত লিখা থাকিব আয়োজক দেশ পাকিস্তানৰ নাম।