১৮ জানুৱাৰী ২০২৫- ৬ কোটি টকাৰ সোণ পিন্ধা কোন এই গোল্ডেন বাবা?
প্ৰতিদিনেই সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে মহাকুম্ভ মেলাই। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰম্ভ হোৱা মহাকুম্ভ মেলাত প্ৰতিদিনেই দেশ-বিদেশৰ কোটি কোটি ভক্তই অংশগ্ৰহণ কৰিছে। বহু সাধু-সন্ন্যাসী, বাবা মহাকুম্ভ মেলাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকাৰ মাজতেই এইবাৰ শিৰোনাম দখল কৰিছে গোল্ডেন বাবাই। সম্প্ৰতি চৰ্চাত থকা গোল্ডেন বাবাজনৰ নাম হৈছে এছ কে নাৰায়ণ গিৰি মহাৰাজ। গিৰি মহাৰাজ শৰীৰত পিন্ধা সোণৰ বাবেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বাবাই কয় যে তেওঁৰ সোণ কেৱল বাহ্যিক জিলিকনি নহয়, তেওঁৰ আধ্যাত্মিক জীৱন আৰু সাধনাৰ প্ৰতীক।
গোল্ডেন বাবা মূলত কেৰালাৰ, কিন্তু বৰ্তমান তেওঁ দিল্লীত বাস কৰে। নিৰঞ্জনী আখৰাৰ লগত জড়িত বাবাই আখৰাৰ সভাপতি ৰবীন্দ্ৰ পুৰী মহাৰাজৰ পৰা দীক্ষা লৈ সন্যাসী হৈ পৰিছে। গোল্ডেন বাবা এতিয়া ভক্তসকলকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বাবাই কয় যে মানুহে তেওঁক মৰমতে "সোণালী বাবা" বুলি কয়, আৰু এই নামটোত তেওঁৰ কোনো আপত্তি নাই।
শৰীৰত ৪ কেজি সোণ, মূল্য ৬ কোটি টকা
গোল্ডেন বাবাই গোটেই শৰীৰটো প্ৰায় ৪ কেজি সোণেৰে সজাই তুলিছে। বাবাৰ শৰীৰত থকা সোণখিনিৰ মূল্য প্ৰায় ৬ কোটি টকা। গোল্ডেন বাবাৰ গহনাবোৰৰ ভিতৰত আছে সোণৰ আঙঠি, ব্ৰেচলেট, ঘড়ী আৰু সোণৰ লাঠি। বাবাৰ এই লাঠিডালত বহু দেৱ-দেৱীৰ লকেট লগোৱা আছে, যাৰ পৰা প্ৰায় ২০ টা সোণৰ মালা তৈয়াৰ কৰিব পৰা যাব। গোল্ডেন বাবাৰ আকৌ মোবাইলৰ কভাৰটোও সোণৰ বনোৱা।
বাবাৰ মতে তেওঁৰ প্ৰতিটো গহনা তেওঁৰ আধ্যাত্মিক অনুশীলন আৰু গুৰুৰ প্ৰতি ভক্তিৰ সৈতে জড়িত। বাবাৰ মতে, "তেওঁৰ দেহত থকা সোণ কেৱল বাহ্যিক প্ৰদৰ্শন নহয়, বৰঞ্চ আধ্যাত্মিক জীৱন আৰু গুৰুৰ প্ৰতি থকা ভক্তিৰ প্ৰতীক।" নিজৰ গুৰু আৰু নিৰঞ্জনী আখৰাৰ প্ৰতি অদম্য ভক্তি প্ৰকাশ কৰি বাবাই কয় যে তেওঁৰ জীৱনৰ প্ৰতিটো দিশ গুৰু ভক্তিৰে অনুপ্ৰাণিত। মহাকুম্ভত বাবা য’তেই যায় তাতেই তেওঁৰ আভাস পাবলৈ ভক্তৰ ভিৰ গোট খায়।