ভাৰতৰ প্ৰতিটো পৰিয়ালতে ডায়েবেটিছ ৰোগী থকাৰ কাৰণ কি?

DY365
DY365
Published: October 22,2024 08:01 PM
DY365

Story highlights

ভাৰতৰ প্ৰতিটো পৰিয়ালতে ডায়েবেটিছ ৰোগী থকাৰ কাৰণ কি?

২২ অক্টোবৰ,২০২৪-   ডায়েবেটিছৰ ৰাজধানীত পৰিণত ভাৰত ! দেশত দ্ৰুতগতিত বৃদ্ধি ডায়েবেটিছ ৰোগ! 
দেশত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগ! ভাৰতত ৫ বছৰৰ তলৰ শিশু প্ৰায়ে ডায়েবেটিছ ৰোগত আক্ৰান্ত হয়। ৯ বছৰ পূৰ্বে কৰা এক অধ্যয়নত কোৱা হৈছে যে ভাৰতৰ ৬৬.১১ শতাংশ শিশুৰ শৰীৰত চেনিৰ মাত্ৰা অস্বাভাৱিক। সেই অধ্যয়নত এইটোও প্ৰকাশ পাইছে যে ২০১৫ চনলৈকে দেশৰ ৯৭ হাজাৰ ভাৰতীয় শিশুৰ টাইপ ১ ডায়েবেটিছ আছিল। একে সময়তে শিশুৰ টাইপ ২ ডায়েবেটিছৰ প্ৰাদুৰ্ভাৱো যথেষ্ট বৃদ্ধি পালে।এই সকলোবোৰ ২০১৫ চনৰ হিচাপ। ঠিক চাৰি বছৰৰ পাছত ২০১৯ চনৰ এক সমীক্ষাত দেখা গৈছে যে এই পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। দৰাচলতে বিশ্বৰ ২০৪খন দেশৰ ভিতৰত ভাৰতত মধুমেহ ৰোগত আক্ৰান্ত শিশুৰ সংখ্যা সৰ্বাধিক। ২০১৯ চনৰ সমীক্ষাতো দেখা গৈছে যে ভাৰতত মধুমেহ ৰোগত শিশুৰ মৃত্যুৰ সংখ্যা সৰ্বাধিক! আনহাতে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি ১৮ বছৰৰ ওপৰৰ ৭.৭৭ নিযুত ভাৰতীয়ৰ টাইপ ২ ডায়েবেটিছ আছে। ২.৫ কোটি ভাৰতীয় প্ৰিডায়েবেটিক ৰোগত আক্ৰান্ত। অৰ্থাৎ ভৱিষ্যতে তেওঁলোকৰ মধুমেহ ৰোগ হোৱাৰ সম্ভাৱনা বেছি। ডায়েবেটিছ ৰোগত আক্ৰান্ত ৫০ শতাংশ লোকে নিজেই নাজানে যে তেওঁলোক ডায়েবেটিছ ৰোগত আক্ৰান্ত।
চিকিৎসকৰ মতে যোৱা কেইবছৰমানৰ পৰা ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ কাৰণ জানিবলৈ আইচিএমআৰ আৰু মাদ্ৰাজ ডায়েবেটিছ ৰিচাৰ্চ ফাউণ্ডেচনে এক যৌথ অধ্যয়ন চলাইছিল।ইয়াৰে এক প্ৰতিবেদন অনুসৰি চিপচ, ভজা খাদ্য, কেক, কুকিজ আৰু মেয়নেজ ভাৰতীয়ৰ ডায়েবেটিছৰ কাৰণ সমূহৰ ভিতৰত অন্যতম।
আনহাতে চিকিৎসকে ডায়েবেটিছৰ বাবে ভাৰতীয়ৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীক দোষাৰোপ কৰিছে। এই অধ্যয়নৰ সৈতে জড়িত চিকিৎসকসকলে কয় যে যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ খাদ্যাভ্যাস সলনি হৈছে। চিকিৎসসকলে কয় যে ভাৰতীয়সকলে এতিয়া অত্যধিক চেনি, চৰ্বি, নিমখীয়া খাদ্য, মিঠা খাদ্য আৰু পশু প্ৰটিনযুক্ত খাদ্য খাবলৈ লৈছে। ইয়াৰ উপৰিও মানুহে ব্যস্ত জীৱনৰ বাবে প্ৰয়োজনীয় ব্যায়াম নকৰে। এই সকলোবোৰ কাৰকে ডায়েবেটিছৰ হাৰ বৃদ্ধি কৰিছে।


Related

TWITTER

FACEBOOK