ওদালগুৰিত শোকাৱহ ঘটনা, গছপৰি মৃত্যু দুগৰাকী মহিলাৰ

DY365
DY365
Published: April 17,2024 12:40 PM
DY365

Story highlights

ওদালগুৰিত শোকাৱহ ঘটনা। গছপৰি মৃত্যু দুগৰাকী মহিলাৰ। নিশা ধুমুহাত শুই থকা অৱস্থাত গছ উভালি পৰাত বিছনাতে মৃত্যু ঘটে দুগৰাকীৰ।

১৭ এপ্ৰিল, ২০২৪ঃ ওদালগুৰিত শোকাৱহ ঘটনা। গছপৰি মৃত্যু দুগৰাকী মহিলাৰ। নিশা ধুমুহাত শুই থকা অৱস্থাত গছ উভালি পৰাত বিছনাতে মৃত্যু ঘটে দুগৰাকীৰ।



ওদালগুৰিৰ নলবাৰীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। গহপুৰৰ পৰা আত্মীয়ৰ ঘৰলৈ গৈছিল মহিলা দুগৰাকী। গীতা নাৰ্জাৰী (৩৫) আৰু ছমিলা নাৰ্জানী (৪০) ওদালগুৰিৰ নলবাৰীলৈ আলহী হিচাপে আহিছিল।



দুয়োৱে অহা যোৱাৰ বাবে বাটৰ খৰচ উলিয়াবলৈ লগত বজাৰত বিক্ৰীৰ বাবে লৈ আনিছিল ভোট জলকীয়া। ওদালগুৰিৰ বুধবৰীয়া বজাৰত ভোটজলকীয়া বিক্ৰি খৰচ ওলোৱাৰ কথা ভাৱিছিল দুয়োৱে।



কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। এজাক ধুমুহাই দুয়োৰে কাঢ়ি নিলে প্ৰাণ। নিশা শুই থকা অৱস্থাতে অহা ধুমুহাৰ সময়তে ঘৰৰ কাষতে থকা এডাল প্ৰকাণ্ড গছ ঘৰৰ ওপৰত উভালি পৰাত বিছনাতে মৃত্যু হয় দুয়োগৰাকীৰ।



তেওঁলোকে দুয়োৱে প্ৰাণ ৰক্ষা কৰিবলৈ বিচনাৰ তলত সোমাইছিল। বিচনাৰ তলতে প্ৰাণ গ’ল দুয়োৰে। পাছত আৰক্ষী, SDRF, স্থানীয় ৰাইজএ দুয়ো মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ কৰিছে।
 


Related