পহিলা ব’হাগৰ দিনাই চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা

DY365
DY365
Published: April 14,2024 05:56 PM
DY365

Story highlights

পহিলা ব’হাগৰ দিনাই চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ধীৰঘাটস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা।

১৪ এপ্ৰিল, ২০২৪ঃ পহিলা ব’হাগৰ দিনাই চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ধীৰঘাটস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা।



থিতাতে নিহত হয় দুজনকৈ লোক। বাছ আৰু টেম্পুৰ মুখামুখী সংঘৰ্ষত। টেম্পুখনৰ নম্বৰ AS17B 9715 আৰু বাছখনৰ নম্বৰ AS15C 4125 ।



নিহত ব্যক্তিদুজন ক্ৰমে জাহিৰ আলী আৰু সিৰাজুল হক বুলি চিনাক্ত কৰা হয়। কোচবিহাৰ অভিমুখী আছিল বাছখন আৰু চাপৰ অভিমুখী আছিল টেম্পুখন।



মৃত দুজনৰ এজন টেম্পু চালক আনজন টেম্পুখনৰ যাত্ৰী আছিল। ঘটনাস্থলীত উপস্থিত হয় চাপৰ আৰক্ষী। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্থ বাহন দুখন থানালৈ আনে।


Related