গ্লেমাৰ জগতে আমুৱালে! সুন্দৰী হৈ পৰিল সন্যাসিনী। প্ৰয়াগৰাজত চৰ্চাৰ কেন্দ্ৰবিন্দু এতিয়া সন্যাসিনী হৰ্ছা।

DY365
DY365
Published: January 15,2025 08:04 PM
DY365

Story highlights

গ্লেমাৰ জগতে আমুৱালে! সুন্দৰী হৈ পৰিল সন্যাসিনী। প্ৰয়াগৰাজত চৰ্চাৰ কেন্দ্ৰবিন্দু এতিয়া সন্যাসিনী হৰ্ছা।

১৫ জানুৱাৰী ২০২৫-  গ্লেমাৰ জগতে আমুৱালে! সুন্দৰী হৈ পৰিল সন্যাসিনী। প্ৰয়াগৰাজত চৰ্চাৰ কেন্দ্ৰবিন্দু এতিয়া সন্যাসিনী হৰ্ছা।



উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰম্ভ হৈছে মহাকুম্ভ মেলা। প্ৰতিদিনেই দেশ-বিদেশৰ কোটি কোটি ভক্তই এই মেলাত অংশগ্ৰহণ কৰিছে। বহু সাধু-সন্ন্যাসী, বাবা মহাকুম্ভ মেলাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকাৰ মাজতেই এইবাৰ শিৰোনাম দখল কৰিছে এগৰাকী ‘সুন্দৰ সন্যাসিনী’য়ে। ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু  হৈ থকা ৩০ বছৰীয়া সন্যাসিনী গৰাকীৰ নাম হৈছে হৰ্ছা ৰিছাৰিয়া। হৰ্ছা ৰিছাৰিয়াক একাংশই এতিয়া মহাকুম্ভ মেলাৰ ‘আটাইতকৈ ধুনীয়া সন্যাসিনী’ বুলি অভিহিত কৰিছে।
 স্বামী কৈলাশানন্দ গিৰিজী মহাৰাজৰ শিষ্য হৰ্ছা ৰিছাৰিয়া চচিয়েল মিডিয়াতো খুবেই জনপ্ৰিয়। ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী হৰ্ছা ৰিছাৰিয়া পূৰ্বতে এংকৰ আৰু অভিনেত্ৰী হিচাপে কাম কৰিছিল। কিন্তু বৰ্তমান গ্লেমাৰাছ জগতখন এৰি হৰ্ছা ৰিছাৰিয়া যোৱা দুবছৰ ধৰি মগ্ন হৈ আছে সাধনাত। 
হৰ্ছা ৰিছাৰিয়াই মহাকুম্ভ মেলাৰ বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত পোষ্ট কৰিছে। মহাকুম্ভ মেলাৰ ৰীতি-নীতি,পৰম্পৰা, ধৰ্মগুৰুসকলৰ সৈতে বিভিন্ন ধৰণৰ কথা পাতি  সামাজিক মাধ্যমত ভিডিঅ’আকাৰে পোষ্ট কৰি আহিছে। সুন্দৰী সন্যাসিনী হৰ্ছা ৰিছাৰিয়াৰ প্ৰতিটো ভিডিঅ’ই এতিয়া আলোড়নৰ সৃষ্টি কৰিছে।
ইয়াৰ মাজতেই হৰ্ছা ৰিছাৰিয়াৰ পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে। যিবোৰ ভিডিঅ’ৰ ওপৰত এতিয়া চচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিভিন্ন প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিছে।  চচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ প্ৰতিক্ৰিয়াৰ মাজতেই হৰ্ছা ৰিছাৰিয়াই কলে- “মোক পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলা হিচাপে টেগ কৰা হৈছে বুলি শুনি ভাল লাগিছে। কিন্তু ক’ৰবাত, মোক সন্যাসিনী হিচাপে টেগ কৰা হৈছে, সেয়া উপযুক্ত নহয়। কাৰণ মই এতিয়াও সম্পূৰ্ণৰূপে সন্যাসিনী হোৱা নাই। মোৰ সাজ-পোছাক দেখি মানুহে মোক সন্যাসিনী বুলি ভাবিছিল, কিন্তু মই কেতিয়াও নিজকে সন্যাসিনী বুলি নকওঁ।” 
মহাকুম্ভৰ আটাইতকৈ ধুনীয়া সন্যাসিনীৰ টেগটোৱে হৰ্ছা ৰিছাৰিয়াৰ সামাজিক মাধ্যমৰ অনুগামী বৃদ্ধত যথেষ্ট পৰিমানে সহায় কৰিছে। মহাকুম্ভ মেলাত ভাইৰেল হোৱাৰ পূৰ্বে ৰিছাৰিয়াৰ অনুগামী আছিল ৬ লাখ ৬৭ হাজাৰ। কিন্তু বিগত ২৪ ঘণ্টাত ৰিছাৰিয়াৰ অনুগামীৰ সংখ্যা বৃদ্ধি হৈ ১ মিলিয়নৰ ঘৰ অতিক্ৰম কৰিছে।


Related

TWITTER

FACEBOOK