ন্যায়ালয়ৰ ৰায়দান! ৰাজ্যত শীঘ্ৰেই পঞ্চায়ত নিৰ্বাচন

DY365
DY365
Published: January 12,2025 05:30 PM
DY365

Story highlights

ন্যায়ালয়ৰ ৰায়দান! ৰাজ্যত শীঘ্ৰেই পঞ্চায়ত নিৰ্বাচন

১২ জানুৱাৰী ২০২৫-  ন্যায়ালয়ৰ ৰায়দান! ৰাজ্যত শীঘ্ৰেই পঞ্চায়ত নিৰ্বাচন
পঞ্চায়ত নিৰ্বাচনক লৈ দীৰ্ঘদিনে চলি আহিছিল জল্পনা-কল্পনা। সকলোৱে অপেক্ষা কৰি আছিল আদালতৰ এক বিশেষ ৰায়দানলৈ। অৱশেষত পঞ্চায়ত নিৰ্বাচনক লৈ আদালতৰ পৰা আহিল ডাঙৰ খবৰ। ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত কেইবাখনো আবেদন আদলতত দাখিল কৰা বাবে বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ পৰাত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত সিদ্ধান্ত ল’ব পৰা হোৱা নাছিল। কিন্তু দেওবাৰে পঞ্চায়ত নিৰ্বাচনক লৈ ৰায় প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। শ্ৰীভূমি জিলাৰ ৯খন পঞ্চায়তক বাদ দি সকলোতে পাতিব পাৰিব নিৰ্বাচন। পঞ্চায়তত অনুষ্ঠিত কৰিবলৈ ৰায় প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এতিয়া যিকোনো মুহূৰ্তত ঘোষণা হ’ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন ।
উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল । কিন্তু শুকুৰবাৰে অনুষ্ঠিত হোৱা কেবিনেটৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি আদালতত চলি থকা গোচৰৰ বাবে পঞ্চায়ত নিৰ্বাচন পিছুৱাব পাৰে বুলি উল্লেখ কৰিছিল। লগতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পাছতহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল। 
 মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে  বিৰোধীয়েও পঞ্চায়ত নিৰ্বাচনক অনুষ্ঠিত কৰাক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছিল যে-কংগ্ৰেছে ৰাজপথলৈ ওলাই, ন্যায়ালয়ৰ দৰ্জা টুকুৰিয়াই হলেও পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব। মূখ্যমন্ত্ৰীয়ে জানি বুজি পঞ্চায়ত নিৰ্বাচন নপতাৰ ষড়যন্ত্ৰ কৰিছে ৷ ৰাইজ এতিয়া বিজেপিৰ প্ৰতি বিতুষ্ট। সেই বাবেই মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচন হোৱাটো বিচৰা নাই।
আনহাতে পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতে সাংবাদিকৰ আগত  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে- ফেব্ৰুৱাৰী মাহত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ’ব। সেয়েহে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কিছু অসুবিধা হ’ব। এতিয়া নিৰ্বাচনী পৰিৱেশৰ সৃষ্টি হ’লে শিক্ষাৰ্থীসকলে পঢ়া-শুনা কৰিব নোৱাৰিব। সেয়েহে বহাগ বিহুৰ আগে-পাছে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।


Related

TWITTER

FACEBOOK