কংগ্ৰেছ দল বিশ্বাসঘাতক! বিৰোধীলৈ কি অনুৰোধ ভূপেন বৰাৰ

DY365
DY365
Published: October 24,2024 03:36 PM
DY365

Story highlights

কংগ্ৰেছ দল বিশ্বাসঘাতক! বিৰোধীলৈ কি অনুৰোধ ভূপেন বৰাৰ

কংগ্ৰেছ দল বিশ্বাসঘাতক! বিৰোধীলৈ কি অনুৰোধ ভূপেন বৰাৰ



ভংগৰ দিশে অসম সন্মিলিত মৰ্চা। কংগ্ৰেছ দলে বিহালী সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতেই উলম্ব বিভাজনৰ দিশে এতিয়া বিৰোধী। ‘২৬ত বিজেপি মিত্ৰজোঁটক হৰুৱাবলৈ একত্ৰিত হোৱা বিৰোধী এতিয়া নিজেই থানবান হৈ পৰিল উপনিৰ্বাচনৰ পূৰ্বেই। কংগ্ৰেছ হাইকামাণ্ডে সদ্য বিজেপিত্যাগী জয়ন্ত বৰাক বিহালী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতেই কংগ্ৰেছ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ। বিধায়ক অখিল গগৈয়ে ‘এয়া কংগ্ৰেছৰ ঐতিহাসিক বিশ্বাসঘাতকতা’ বুলি মন্তব্য কৰি কৈছে- ‘গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত ক্ষমতাক লৈ ভীষণ সংঘাত চলি আছে’। ‘এই দুজন ব্যক্তিৰ সংঘাতৰ বাবেই বিহালীৰ প্ৰাৰ্থিত্বত খেলিমেলি হ’ল’। আনহাতে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতহে কংগ্ৰেছ দলত যোগদান কৰিলে জয়ন্ত বৰাই। গৌৰৱ গগৈৰ উপস্থিতিত আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে বৰাই। জয়ন্ত বৰাক কংগ্ৰেছত যোগদান কৰোৱাই গৌৰৱ গগৈৰ মন্তব্য-‘বিহালীবাসীয়ে এজন স্থানীয় প্ৰাৰ্থী বিচাৰে, মাটিৰ লগত মিলি যোৱা এজন মানুহ বিচাৰে’। ‘সকলো চালি-জাৰি চাই জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়া হৈছে’। ‘অসম সন্মিলিত মৰ্চাৰ সৈতে আমি আকৌ আলোচনাত বহিম, সমাধানসূত্ৰ উলিওৱা হ’ব’।
আনহাতে বিৰোধীক ধৈৰ্য্য ধৰিবলৈ অনুৰোধ অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।আমাৰ মূল লক্ষ্য বিজেপিক পৰাভূত কৰা। বিজেপিক পৰাভূত কৰিবলৈ শক্তিশালী প্ৰাৰ্থী নিৰ্বাচন কৰা হৈছে।২০২৬ চনত সকলো দিশ পৰ্যবেক্ষণ কৰি সিদ্ধান্ত লোৱা হ’ব। গতিকে ২৩ অক্টোবৰৰ পাছতহে আচল যুঁজ হ’ব-এই মন্তব্য  ভূপেন বৰাৰ।


Related

TWITTER

FACEBOOK