কোম্পানীয়ে দৰমহা দিয়া নাই, টাৱাৰত উঠি প্ৰতিবাদ কৰিলে যুৱকে

DY365
DY365
Published: January 11,2025 05:41 PM
DY365

Story highlights

কোম্পানীয়ে দৰমহা দিয়া নাই, টাৱাৰত উঠি প্ৰতিবাদ কৰিলে যুৱকে

 ১০ জানুৱাৰী ২০২৫- কোম্পানীয়ে দৰমহা দিয়া নাই, টাৱাৰত উঠি প্ৰতিবাদ কৰিলে যুৱকে



টকা উপাৰ্জন কৰিবলৈ আমি সকলোৱে বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰত নিয়োজিত হওঁ। কিন্তু কাম কৰাৰ পিছতো যদি প্ৰাপ্য ধন লাভ নকৰে তেনেহলে আপুনি কি কৰিব? নিশ্চয় আপুনিও প্ৰাপ্যৰ বাবে যুঁজ দিব। ঠিক একেদৰেই মধ্যপ্ৰদেশৰ এগৰাকী যুৱকেও নিজৰ প্ৰাপ্যৰ বাবে যুঁজ দি চৰ্চালৈ আহিছে। ৰাজ্যখনৰ ৰাজধানী ভূপালত  বিনোদ কুমাৰ তেজী নামৰ এজন যুৱকে কৰ্মক্ষেত্ৰত প্ৰাপ্য দৰমহা লাভ নকৰাৰ বাবে ক্ষোভিত হৈ এটা টাৱাৰত আৰোহণ কৰে। যুৱকজনক টাৱাৰৰ পৰা নমাই আনিবলৈ আৰক্ষীয়ে প্ৰথম অৱস্থাত কেইবাটাও আশ্বাস আগবঢ়ায় যদিও তেওঁ এই আশ্বাস গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। অৱশেষত এক নিশ্চিত আশ্বাস তথ্য লাভ কৰাৰ পিছতহে যুৱকজন তললৈ নামি আহে। তথ্য অনুসৰি, যুৱকজনে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বাসগৃ্হৰ সমীপতে এই প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰীৰ বাসগৃ্হৰ পৰা কিছু নিলগত অৱস্থিত এটা টাৱাৰত আৰোহণ কৰে যুৱকজনে। 
প্ৰকাশিত খবৰ অনুসৰি, ভোপালৰ শ্যামালা পাহাৰত অৱস্থিত মুখ্যমন্ত্ৰী বাসভৱনৰ পৰা ৫০০ মিটাৰ দূৰত্বত থকা এটা টাৱাৰত বগায় যুৱকজনে। উল্লেখ্য যে টাৱাৰত উঠি প্ৰতিবাদ সাব্যস্ত কৰা যুৱকজনে নিৰাপত্তাৰক্ষী হিচাপে কাম কৰে আৰু সময়মতে দৰমহা নোপোৱাৰ বাবে দীৰ্ঘদিন ধৰি সমস্যাত ভুগি আছিল। অৱশেষত যুৱকজনে হতাশাগ্ৰস্ত হৈ টাৱাৰত আৰোহণ কৰে। আৰক্ষীয়ে ভালদৰে বুজাই দিয়াৰ পিছতহে  টাৱাৰৰ পৰা নামি আহে হতাশাগ্ৰস্ত যুৱকজনে। পিছত এই সন্দৰ্ভত যুৱকজনে কাম কৰা  নিৰাপত্তা সংস্থাটোৰ তত্বাৱধায়কৰ সৈতে যোগাযোগ কৰা হয় আৰু তেতিয়া তেওঁক ১২ জানুৱাৰীত দৰমহা দিয়াৰ আশ্বাস প্ৰদান কৰা হয়। আৰক্ষীয়ে যুৱকজনক সঠিক বুজনি দি পৰিয়ালৰ হাতত গতাই দিয়ে।


Related

TWITTER

FACEBOOK