১৪-০১-২০২৫: ভোগালী বিহুৰ আনন্দৰ মাজতে ৰাজ্যত ভয়ংকৰ ঘটনা। বাক্সাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত কৰমতুলিত পুখুৰীত উদ্ধাৰ বিবস্ত্ৰা যুৱতীৰ মৃতদেহ। প্ৰথমে যুৱতীগৰাকীক ধৰ্ষণ তাৰ পিছত হত্যাৰ কৰি পুখুৰীত পেলাই যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। বাক্সাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত কৰমতুলীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে BTRৰ আৰক্ষী মহাপৰিদৰ্শক বিবেকৰাজ সিং।
আনহাতে গুৱাহাটীৰ পৰা ৰাওনা হোৱা ফৰেন্সিকৰ বৃহৎ দল উপস্থিত ঘটনাস্থলীত। ফৰেন্সিকৰ বৃহৎ দলটোৱে তন্নতন্নকৈ আৰম্ভ কৰিছে পৰীক্ষা। কিন্তু এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়। ঘটনাক লৈ অঞ্চলজুৰি ম্লান পেলাইছে বিহুৰ আনন্দ।