মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছ বিৰোধী অভিযান

DY365
DY365
Published: April 18,2024 03:09 PM
DY365

Story highlights

মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ ২৯ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ।

১৮ এপ্ৰিল, ২০২৪ঃ মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ ২৯ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ। লগতে জব্দ দুটাকৈ মোবাইল ফোন। 



জব্দকৃত হেৰ’ইনখিনিৰ ওজন ৪১ গ্ৰাম। ড্ৰাগছসহ গ্ৰেপ্তাৰ মহম্মদ নাজিম উদ্দিন নামৰ ড্ৰাগছ ব্যৱসায়ী। খানাপাৰা উৰণ সেতুৰ সমীপৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে নাজিম উদ্দিনক। 



দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল নাজিম উদ্দিনে। খানাপাৰাত এখন সৰু পান দোকানৰ জৰিয়তে চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা।



সম্প্ৰতি দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। STFৰ অভিযানকাৰী দলটোৱে অব্যাহত ৰাখিছে অধিক তদন্ত। 


Related