১৫ জানুৱাৰী ২০২৫- ছৰফৰাজে কৰিলে বিশ্বাসঘাটকতা!
প্ৰথমে নিউজিলেণ্ডৰ বিৰুদ্ধে গৃহভূমিতে হোৱাইটৱাশ্ব, তাৰ পিছতেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ শৃংখলা হেৰুৱাই WTC ফাইনেলৰ আশাত চেঁচাপানী পৰা টীম ইণ্ডিয়াৰ ড্ৰেছিংৰুমৰ পৰিৱেশ যেন সকলো ঠিকে-ঠাকে আগৰ নিচিনাকৈ নাই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মেলবৰ্ণ টেষ্টত টীম ইণ্ডিয়াই পৰাজয়বৰণ কৰাৰ পিছতেই টীম ইণ্ডিয়াৰ ড্ৰেছিংৰুমৰ বহু কথাই সংবাদমাধ্যমৰ সম্মুখলৈ আহিছিল। তাৰ পিছতেই কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰৰ লগতে সংবাদমাধ্যমেও প্ৰশ্ন তুলিছিল যে টীম ইণ্ডিয়াৰ ড্ৰেছিংৰুমৰ কথা বাহিৰলৈ কেনেকৈ আহিব পাৰে।
উল্লেখ্য যে মেলবৰ্ণ টেষ্টত টীম ইণ্ডিয়াই পৰাজয়বৰণ কৰাৰ পিছতেই অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী, ঋষভ পণ্টকে ধৰি কেইবাগৰাকীও ক্ৰিকেটাৰৰ ওপৰত খৰ্গহস্ত হৈছিল ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। এক প্ৰতিবেদন অনুসৰি গম্ভীৰে দলটোক ‘বহুত হো গয়া’ বুলি তীব্ৰ ভাষাৰে সমালোচনাও কৰিছিল। ইয়াৰ উপৰিও ‘মিষ্টাৰ ফিক্স ইট’ নামৰ এজন ক্ৰিকেটাৰে যশপ্ৰীত বুমৰাহক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিৰোধিতা কৰি, নিজকে অন্তৱৰ্তীকালীন অধিনায়ক হিচাপে নিযুক্তি দিবলৈ পৰামৰ্শ দিছিল। এনেকুৱা ধৰণৰ বহু কথাই সংবাদমাধ্যমৰ সম্মুখলৈ আহিছিল।
ইয়াৰ পিছতেই BCCIৰ পৰ্যালোচনা বৈঠকত গম্ভীৰে কয় যে- প্ৰশিক্ষক আৰু খেলুৱৈৰ মাজত বিতৰ্ক সদায় ড্ৰেছিং ৰুমতেই আৱদ্ধ থাকিব লাগে। ড্ৰেছিং ৰুমত ৰখা একমাত্ৰ বস্তুটোৱেই হ’ল পাৰফৰমেন্স। লগতে সংবাদমাধ্যমত প্ৰকাশিত এইসকলোবোৰ কেৱল ৰিপৰ্ট আছিল,ইয়াৰ কোনো সত্যাসত্য নাছিল।’ আনহাতে ড্ৰেছিংৰুমৰ কথা ফাদিল কৰাৰ বাবে গম্ভীৰে ক্ৰিকেটাৰ ছৰফৰাজ খানক দোষাৰোপ কৰিছে।
যদি গৌতম গম্ভীৰে ছৰফৰাজ খানৰ বিৰুদ্ধে অনা এই অভিযোগ সঁছা হয়, তেন্তে BCCIয়ে ছৰফৰাজ খানৰ বিৰুদ্ধে লব পাৰে অনুশাসনমূলক ব্যৱস্থা। উল্লেখযোগ্য যে ঈশান কিষাণেও বিগত সময়ত অনুশাসন ভংগ কৰাৰ বাবে ১৪ মাহে ধৰি ভাৰতীয় জাতীয় দলৰ পৰা আঁতৰত আছে।