১৮ মাৰ্চ ২০২৫- পৰ্টেল সাংবাদিকৰ গুণ্ডাগিৰী! বৃদ্ধা দম্পতীৰ সৈতে ভয়ংকৰ কাণ্ড
ক্ষমতাই মূৰত ধৰিছে একাংশ পৰ্টেল সাংবাদিকৰ। এইবাৰ ধুবুৰীত দেখিবলৈ পোৱা গ'ল পৰ্টেল সাংবাদিকৰ গুণ্ডাগিৰী। ধুবুৰীৰ বতুৱাতলিত এহাল নিৰীহ বৃদ্ধ দম্পতীক চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা পৰ্টেল সাংবাদিকৰ। নৃশংসভাৱে চোকা অস্ত্ৰৰে হানি খুচি কৰা আক্ৰমণত আহত বৃদ্ধ দম্পতীক সংকটজনক অৱস্থাত DMCHত ভৰ্তি কৰা হৈছে। ইতিমধ্যে ঘটনাৰ লগত জড়িত ছাদেক আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
অভিযোগ অনুসৰি বৃদ্ধ দম্পতীহালৰ পুত্ৰই অভিযুক্তৰ ঘৰত কাম কৰিছিল। কাম কৰাৰ পিছত প্ৰাপ্য ধন বিছৰাৰ বাবেই দা- কুঠাৰেৰে হিংসাত্মক আক্ৰমণ কৰে পৰ্টেল সাংবাদিক শ্বহিদুল হক সহ পৰিয়ালৰ লোকে। উল্লেখ্য যে, পৰ্টেল সাংবাদিক শ্বহিদুল হকে পুৰ্বেও গোলকগঞ্জ থানাত ৰুজু হৈ থকা এটি চুৰিৰ গোচৰত জেললৈ গৈছিল। ঘটনা সন্দৰ্ভত গোলকগঞ্জ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনাৰ প্ৰত্যক্ষদৰ্শী তথা ভুক্তভোগীৰ কন্যাই কৰা মন্তব্য অনুসৰি তিনি ভাতৃ তথা পৰ্টেলৰ সাংবাদিক শ্বহিদুল হক, সাদেক আলী, সহিবুলে আক্ৰমণ সংঘটিত কৰিছিল বৃদ্ধ দম্পতীক।