১০ জানুৱাৰী ২০২৫- খাকী পোচাকত ক'লা দাগ সানিলে আৰক্ষী কনিষ্টবলে!
জনহিত জন সেৱাৰ্থে শপত বাক্য পাঠ কৰি অসম আৰক্ষীৰ পোচাক পৰিধান কৰা কনিষ্টবলে ক'লা দাগ সানিলে খাকী পোচাকত। নয়াহাট আৰক্ষী চকীৰ কনিষ্টবল বীৰেন্দ্ৰ বৰ্মনে অবৈধ কাঠ কঢ়িয়াই অনা চোৰাং কাঠ ব্যৱসায়ীৰ বাহনৰ পৰা লৈছিল উৎকোচ। উৎকোচ লোৱাৰ এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে। কনিষ্টবল বীৰেন্দ্ৰ বৰ্মনৰ মুকলিকৈ উৎকোচ লোৱাৰ দৃশ্য ভাইৰেল হৈ পৰা ঘটনাই লজ্জানত কৰিলে অসম আৰক্ষীক।
উল্লেখ্য যে নয়াহাট আৰক্ষী চকীত নিয়োজিত কনিষ্টবল বীৰেন্দ্ৰ বৰ্মনে জব্দ কৰিছিল এখন অবৈধ কাঠ ভৰ্তি টেম্পো। তাৰ পিছতেই অবৈধ কাঠ ব্যৱসায়ীৰ লগত মুকলিকৈ উৎকোচ সংগ্ৰহৰ দৰ দাম চলাইছিল বৰ্মনে। ভিডিঅটোত কনিষ্টবলজনে টেম্পো চালকজনক মুকলিকৈ কৈছিল যে- বৰ ছাৰে নামানিব,পাঁচ হাজাৰ টকা দিব লাগিব। কিন্তু এই বৰ চাৰ কোন ইয়াকে লৈ এতিয়া ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে।
অবৈধ কাঠ কঢ়িয়াই অনা চোৰাং কাঠ ব্যৱসায়ীৰ বাহনৰ পৰা উৎকোচ লোৱাৰ দৃশ্য ভাইৰেল হোৱাৰ পিছতেই এতিয়া আৰক্ষী সঞ্চালক প্ৰধানে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।