অৰুণাচলত টাই খামটিসকলৰ পয় চাংকেন উত্‍সৱ পালন

DY365
DY365
Published: April 15,2024 06:35 PM
DY365

Story highlights

অৰুণাচল প্ৰদেশৰ টাই খামটি সকলৰ এটি প্ৰধান উৎসৱ পয় চাংকেন। অসমৰ ব’হাগ বিহুৰ সময়তে উদযাপন কৰা হয় এই চাংকেন উৎসৱৰ।

১৫ এপ্ৰিল, ২০২৪ঃ অৰুণাচল প্ৰদেশৰ টাই খামটি সকলৰ এটি প্ৰধান উৎসৱ পয় চাংকেন। অসমৰ ব’হাগ বিহুৰ সময়তে উদযাপন কৰা হয় এই চাংকেন উৎসৱৰ। এজনে আনজনৰ গালৈ পানী চটিয়াই চাংকেনৰ শুভেচ্ছা জ্ঞাপন কৰে। ১৪ৰ পৰা ১৬ এপ্ৰিললৈ পৰম্পৰাগত নৱবৰ্ষ দিৱস হিচাপে পালন কৰা হয়।





এনেদৰে পানী চটিয়াই খামটি নৱবৰ্ষৰ শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰে। খামটি সকলে এই উৎসৱত প্ৰথমে মন্দিৰৰ পৰা ভগৱান বুদ্ধৰ প্ৰতিমা বাহিৰলৈ উলিয়াই আনি সুগন্ধিযুক্ত পানীৰে পৰিস্কাৰ কৰে আৰু মন্দিৰৰ বাহিৰত স্থাপন কৰা অস্থায়ী বেদিত স্থাপন কৰে আৰু বুদ্ধৰ আশীৰ্বাদ গ্ৰহণ কৰে।





ব’হাগ মাহৰ দৰেই খামটি সকলৰো চাংকেন উৎসৱৰ পৰাই নতুন বৰ্ষ আৰম্ভ হয়। এইবছৰ অৰুণাচল প্ৰদেশৰ নামচাইত থকা বিখ্যাত গ’ল্ডেন পেগ’দাত চাংকেন উৎসৱত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দ, অসমৰ মন্ত্ৰী অশোক সিংঘাল, অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন, সাংসদ টাপিৰ গাও আদিৰ লগতে বৌদ্ধ ভিক্ষু সকলে উলহ মালহেৰে অংশগ্ৰহণ কৰে।


Related