১২ জানুৱাৰী ২০২৫- চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হ'ল যশপ্ৰীত বুমৰাহ!
ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ৈ আহিছে এক বেয়া খবৰ। আঘাতৰ বাবে চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ পৰ্যায়ৰ মেচসমূহত অংশ ল’ব নোৱাৰিব তাৰকা বলাৰ যশপ্ৰীত বুমৰাহে। ছিডনীত খেলা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্তিমখন টেষ্টত পিঠিত আঘাত পাইছিল বুমৰাহে, তাৰ পিছত তেওঁ স্কেনৰ বাবে গৈছিল। তেতিয়াৰ পৰাই চেম্পিয়নছ ট্ৰফীত বুমৰাহৰ উপলব্ধতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল। এতিয়া প্ৰকাশিত খবৰ অনুসৰি ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ পৰ্যায়ৰ মেচসমূহৰ পৰা বাহিৰ হ'ব যশপ্ৰীত বুমৰাহ! ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতহে ফিট হ’ব পাৰে যশপ্ৰীত বুমৰাহ, যাৰ প্ৰত্যক্ষ অৰ্থ হ’ল বুমৰাহে চেম্পিয়নছ ট্ৰফীত গ্ৰুপ পৰ্যায়ৰ মেচসমূহত অংশগ্ৰহণ কৰিব নোৱাৰিব।
আনহাতে ইয়াৰ মাজতেই শনিবাৰে ঘোষণা কৰা হ'ল ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হবলগীয়া পাঁচখনীয়া টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল। সূৰ্য কুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোলৈ অৱশেষত প্ৰত্যাৱৰ্তন ঘটিল পেচবলাৰ মহম্মদ ছামীৰ। ২০২৩ৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পিছৰে পৰা আঘাতৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হৈ আছিল তাৰকা পেচবলাৰ গৰাকী। আনহাতে শুভমন গিল আৰু উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টক এই শৃংখলাটোত বিশ্ৰাম দিয়া হৈছে।
ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলটোঃ সূৰ্য কুমাৰ যাদৱ, সঞ্জু ছেমচন, অভিষেক শর্মা, তিলক বৰ্মা, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল, হৰ্ষিত ৰাণা, অৰ্শ্বদীপ সিং, মহম্মদ ছামি, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণই, ৱাশ্বিংটন সুন্দৰ আৰু ধ্ৰুৱ জুৰেল।