১৮ মাৰ্চ ২০২৫- ভাৰতীয় সেনাৰ নতুন অস্ত্ৰ ‘ইগল ড্ৰ’নছ’
বৰ্তমান ভাৰতীয় সেনাৰ লক্ষ্য হৈছে ‘এক ড্ৰ’ন, এক সেনা’। সহজ ভাষাত ক’বলৈ গ’লে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতিজন সৈনিকৰ মূৰৰ ওপৰেৰে ড্ৰ’ন উৰুৱাই যুদ্ধক্ষেত্ৰত পদাতিক সৈন্যক সুৰক্ষিত কৰি ৰাখিব আৰু এই ড্ৰ’নে শত্ৰুৰ পৰা এখোজ আগুৱাই ৰাখিব ভাৰতীয় সেনাক। এই ড্ৰ’নসমূহ হ’ব শেহতীয়া প্ৰযুক্তি ‘ইগল ড্ৰ’নছ’। এই ড্ৰ’নে ঈগলৰ দৰে শত্ৰুৰ ওপৰত চকু ৰাখিব, প্ৰয়োজন হ’লে এই ড্ৰ’নসমূহে উৰিবও পাৰে আৰু শত্ৰুপক্ষক আক্ৰমণ কৰিব পাৰে।
শেহতীয়াকৈ অনুষ্ঠিত হোৱা ‘ভাৰত ড্ৰ’ন মন্থন ২.০’ত এডিজি, আৰ্মি ডেভেলপমেণ্ট ব্যুৰোৰ মেজৰ জেনেৰেল চি.এছ.য়ে মন্তব্য কৰিছে যে যুদ্ধক্ষেত্ৰ এতিয়া আগৰ তুলনাত অধিক আধুনিক হৈ পৰিছে। পদাতিক সৈন্যই হাতত অস্ত্ৰ লৈ আগবাঢ়ি যোৱাটো বৰ্তমান সময়ত নিৰাপদ নহয়। ইয়াৰ বাবেই প্ৰয়োজন হৈছে ঈগল ড্ৰোনছৰ। এই ড্ৰ’নে আৰম্ভণিতে লক্ষ্যস্থানত উৰি যাব, লক্ষ্যৰ দিশৰ পৰা কিমান আক্ৰমণ হোৱাৰ সম্ভাৱনা আছে তাৰ আগতীয়া ইংগিত দিব আৰু সেনাই নিৰ্দেশ দিলে লক্ষ্যস্থলো ধ্বংস কৰিব। ঈগল ড্ৰোনখন ইমানেই লঘু আৰু বহনযোগ্য যে এজন সৈনিকে ইয়াক কান্ধৰ বেকপেকত লৈ যাব পাৰে। এইটো মূলতঃ হাতেৰে উৎক্ষেপণ কৰা ইউএভি। অৰ্থাৎ এই ‘মানৱবিহীন বিমান’খন হাতেৰে উৰুৱাব পাৰি। ৰাতিৰ আন্ধাৰতো ঈগলে শত্ৰুৰ ওচৰ চাপি অহাটো অনুভৱ কৰিব পাৰে। ই চকুৰ পলকতে লক্ষ্যস্থল ধ্বংস কৰিব পাৰে।
নতুন দিল্লীত অনুষ্ঠিত ‘ভাৰত ড্ৰ’ন মন্থন ২.০’ত দেশৰ বিশিষ্ট উদ্যোগপতি, নীতি নিৰ্ধাৰক আৰু প্ৰতিৰক্ষা বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে। তাত মেজৰ জেনেৰেলৰ মন্তব্য আছিল এনেকুৱা- “ড্ৰ’ন এতিয়া কেৱল সামৰিক বাহিনীৰ আহিলা নহয়, সামৰিক বাহিনীৰ এটা অংশ হৈ পৰিছে।” তেওঁ দেশৰ প্ৰতিৰক্ষা বিশেষজ্ঞসকলক মেজৰ জেনেৰেলে অতি উন্নতমানৰ ড্ৰোন নিৰ্মাণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। যুদ্ধক্ষেত্ৰত মানৱবিহীন যুদ্ধৰ বাবে ড্ৰোন নিৰ্মাণ কৰিবলৈ গঠন কৰা হৈছে আৰ্মি ডিজাইন ব্যুৰো। প্ৰায়ে দেখা যায় যে শত্ৰুৰ ওপৰত চকু ৰাখিবলৈ বা এল অ’ চি বা এল এ চিৰ আক্ৰমণ ৰোধ কৰিবলৈ দেশৰ সেনাই বিভিন্ন শত্ৰুতাপূৰ্ণ পৰিস্থিতিত আগবাঢ়িব লগা হয়। এই সকলোবোৰত এতিয়া ভাৰতীয় সেনাক সহায় কৰিব এই ‘ইগল ড্ৰ’নছে’।