বলিউডৰ সুন্দৰীয়ে কেনেদৰে উদযাপন কৰিলে কৰৱা চৌথ?

DY365
DY365
Published: October 21,2024 06:49 PM
DY365

Story highlights

বলিউডৰ সুন্দৰীয়ে কেনেদৰে উদযাপন কৰিলে কৰৱা চৌথ?

বৰ্তমাণ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কৰৱা চৌথ উদযাপন কৰা হয়। কিন্তু বলীউডৰ কৰৱা চৌথ উদযাপন সদায় পৃথক হয়। কৰৱা চৌথ দিনা বলীউডৰ নায়িকাৰ সৌন্দৰ্য চাবলৈ একাংশই বৰ কৌতুহলেৰে ৰৈ থাকে। এইবাৰো বলীউডৰ নায়িকাই কৰৱা চৌথ দিনা অনুৰাগীক নিৰাশ নকৰিলে। একাংশ বলীউডৰ নায়িকাই প্ৰথমবাৰৰ বাবে এইবাৰ কৰৱা চৌথ উদযাপন কৰিছে।
 সোণম কাপুৰ-






কৰৱা চৌথ উপলক্ষে সোণম কাপুৰে হাতত মেহেন্দী লৈ স্বামী আৰু পুত্ৰৰ নাম লিখিছিল। কৰৱা চৌথ ৰঙা ৰঙৰ শাৰী বা সাজ-পোছাক পৰিধান কৰা হয় যদিও সোণম কাপুৰে মেহেন্দি সেউজীয়া ৰঙৰ টিছু অৰ্গেনাইজাৰ জেকেট লেহেংগা পৰিধান কৰাৰ লগতে হাত আৰু কাণত সোণম কাপুৰে পোলকি গহনা পৰিধাণ কৰিছিল । সোণম কাপুৰৰ সাজ-পোছাকৰ হাইলাইট আছিল ডিঙিত পিন্ধা টিপটো। যিটো পূৰ্ণিমাৰ পৰা অমাৱস্যালৈকে চন্দ্ৰৰ এটা আকৃতিৰ প্ৰতীক। 
সোনাক্ষী সিংহা-






দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত জহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা সোনাক্ষী সিংহাই ইনষ্টাগ্ৰামত লিখিছে, ‘ভাগ্য ভাল যে মই এজন দৰা পাইছো যিয়ে মোৰ লগত কৰৱা চৌথ পালন কৰিব।’ সোণাক্ষী সিংহাই কৰৱা চৌথত আন্তঃৰাষ্ট্ৰীয় গহনা ব্ৰেণ্ড বুগেৰীয়ে নিৰ্মাণ কৰা মংগলসূত্ৰ পৰিধাণ কৰিছিল। যিডাল  মংগলসূত্ৰৰ মূল্য ১৩ লাখ টকা।
কেটৰীণা কাইফ-






কেটৰিনা কাইফ আৰু বিকি কৌশলে পৰিয়ালৰ সৈতে কৰ্বা চৌথ উদযাপন কৰিছে। কেটৰিনাই শাৰী পৰিধাণ কৰা দেখা গৈছিল।কেটৰীণাৰ ডিঙি উদং আছিল যদিও শিৰৰ সেন্দুৰ, ৰঙা ফোট, পাতল লিপষ্টিক আৰু মুকলি চুলিয়ে অনুৰাগীক আপ্লুত কৰিছে। 
কৃতি খাৰবান্দা- 





কৃতি খাৰবান্দা আৰু পুলকিত সম্ৰাটৰ এইয়া প্ৰথম কৰৱা চৌথ। অৱশ্যে কৃতিয়ে ৰঙা ৰং পৰিধান কৰা নাছিল। তাৰ বিপৰীতে হালধীয়া ৰঙৰ শাৰী পিন্ধিছিল অভিনেত্ৰীগৰাকীয়ে।লগতে ডিঙিত সোণৰ হাৰ, কাণত কুন্দন লকেট আৰু হাতত ৰঙা বগা ৰঙৰ খাৰু পৰিধাণ কৰিছিল। কৃতিয়ে লিখিছে, ‘শৈশৱৰ পৰাই মাক কৰৱা চৌথ উদযাপন কৰা দেখিছিলোঁ আৰু ভাবিছিলোঁ এই সকলোবোৰ কেতিয়া কৰিম। অৱশেষত মোৰ ইচ্ছা পূৰণ হ’ল।”   
ৰাকুল প্ৰীত সিং -






মাত্ৰ কেইমাহমানপূৰ্বে ৰাকুল প্ৰীত সিং আৰু জেকী ভগনানীৰ বিবাহ হৈছিল।প্ৰথম কৰৱা চৌথত ৰাকুল প্ৰীত সিং যদিও কিছু অসুস্থ আছিল তথাপিও সাজ-পাৰৰ ত্ৰুটি কৰি নাছিল ৰাকুলে।ৰাকুল প্ৰীত সিঙে মুকলি চুলিৰে সৈতে হাতত খাৰু আৰু ৰঙা ৰঙৰ চুড়িদাৰ পৰিধাণ কৰিছিল।
মৌনী ৰায়-






মৌনি ৰায়ৰ কৰৱা চৌথৰ সাজ-পোছাক আছিল চিম্পল। ৰঙা শাৰী আৰু সোণালী ৰঙৰ ব্লাউজৰ সৈতে মৌনী ৰায়ে কাণত সোণৰ ঝুমকোৰ লকেট পিন্ধিছিল আৰু চুলিখিনি পিছলৈ বান্ধি লৈছিল। 
প্ৰিয়ংকা চোপ্ৰা-






 ভাৰতত হওক বা বিদেশতেই হওঁক প্ৰিয়ংকা চোপ্ৰাই প্ৰতি বছৰে পালন কৰে কৰৱা চৌথ। প্ৰিয়ংকা চোপ্ৰাৰ কৰৱা চৌথৰ সাজ-পোছাক আছিল সকলোতকৈ পৃথক। প্ৰিয়ংকাই ৰঙা নাইটগাউন পিন্ধি কৰৱা চৌথৰ ব্ৰত ভংগ কৰিছে। ছাদত স্বামী নিকৰ সন্মুখত থিয় হৈ প্ৰিয়ংকাই মূৰত ৰঙা ওৰণি এখন লৈ ইনষ্টাগ্ৰাম পেজত ফটো দি লিখিছে, “হয়, মই অলপ ফিল্মী।”
পৰিনীতি চোপ্ৰা- 






পৰিনীতি চোপ্ৰাই স্বামী ৰাঘৱ চাধা আৰু পৰিয়ালৰ আন মহিলাৰ সৈতে কৰৱা চৌথ পালন কৰিছে। উজ্জ্বল ৰঙৰ ছালৱাৰ চুট পৰিধাণ কৰাৰ লগতে শিৰত সেন্দুৰ লোৱা দেখা গৈছিল পৰিনীতি চোপ্ৰাক।   
শিল্পা শ্বেট্টী কুন্দ্ৰা-






কৰৱা চৌথৰ দিনা পৰম্পৰাগত সাজ-পোছাকত দেখা গ'ল শিল্পা শ্বেট্টী কুন্দ্ৰাক। ৰঙা শাৰী, হাতত খাৰু, ডিঙিত নেকলেচ আৰু খোলা চুলিৰে সৈতে দেখা গ'ল শিল্পা শ্বেট্টী কুন্দ্ৰাক। 
ৰবীনা টেণ্ডন-






কৰৱা চৌথৰ দিনা ৰবীনা টেণ্ডনে কুৰ্তা পৰিধান কৰিছিল। অভিনেত্ৰীগৰাকীয়ে ৰঙা ওৰণিৰ লগতে ডিঙিত গহনা আৰু হাতৰ আঙুলিত আঙুঠি পৰিধাণ কৰিছিল।


Related

TWITTER

FACEBOOK